NORTHEAST NOW (Assamese)
ত্ৰিপুৰা

ত্ৰিপুৰা চাকৰি মেলাত ২৬৫ গৰাকী অভিযান্ত্ৰিক স্নাতকক নিযুক্তি

Posted by: এন ই নাও নিউজ May 10, 2018 1:29 pm

আগৰতলাস্থিত ‘টেক্ন’ ইণ্ডিয়া অভিযান্ত্ৰিক মহাবিদ্যালয়ত অলপতে অনুষ্ঠিত ‘লিংক ২০১৮’ শীৰ্ষক এখন চাকৰি মেলাত প্ৰায় ২৬৫ গৰাকী অভিযান্ত্ৰিক স্নাতকক নিযুক্তি দিয়া হয়।

ত্ৰিপুৰা বিধানসভাৰ অধ্যক্ষ ৰেবতী মোহন দাসে এই চাকৰি মেলাখনৰ উদ্বোধন কৰে।

উক্ত স্নাতকসকলৰ ভিতৰত ১০৫ গৰাকী প্ৰাৰ্থীয়ে আগৰতলাৰ ‘টেক্ন’ ইণ্ডিয়া অভিযান্ত্ৰিক মহাবিদ্যালয়’ৰ হোৱাৰ বিপৰীতে বাকী প্ৰাৰ্থীসকল উত্তৰ-পূবৰ বিভিন্ন অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা আহিছে।

উল্লেখযোগ্য যে ‘টেক্ন’ ইণ্ডিয়া অভিযান্ত্ৰিক মহাবিদ্যালয়’ৰ এইটো হৈছে প্ৰথম চাম।

জানিব পৰা মতে নিযুক্তি পোৱা সকলক ৩ৰ পৰা ৬ লাখ টকাৰ পেকে’জ আগবঢ়োৱা হৈছে।

চাকৰি মেলাখনত অংশলোৱা কেইটামান আন্তঃৰাষ্ট্ৰীয় কোম্পানী হৈছে ‘Allsec’, ‘Enoah’, ‘Vertex’, ‘Ison’, ‘Technosoft’ আৰু ‘Access Health care’।

উল্লেখযোগ্য যে ত্ৰিপুৰাত এয়াই প্ৰথমবাৰৰ বাবে ইমান সংখ্যক অভিযান্ত্ৰিক স্নাতকে তেওঁলোকৰ সংশ্লিষ্ট বিভাগসমূহত চাকৰিৰ বাবে নিৰ্বাচিত হৈছে