NORTHEAST NOW (Assamese)
ত্ৰিপুৰা

ত্ৰিপুৰা বাৰ এছ’চিয়েশ্যনত বিজেপি সমৰ্থিত অধিবক্তাৰ সংখ্যাগৰিষ্ঠতা

Posted by: এন ই নাও নিউজ May 14, 2018 5:13 pm
Tripura Bar Association

১৫ জনীয়া ত্ৰিপুৰা বাৰ এছ’চিয়েশ্যন (টি বি এ)ৰ এক তীব্ৰ প্ৰত্যাহ্বানপূৰ্ণ নিৰ্বাচনী যুঁজত প্ৰথম বাৰৰ বিজেপি আৰু আৰ এছ এছ সমৰ্থিত প্ৰাৰ্থীয়ে সংখ্যাগৰিষ্ঠ আসন লাভ কৰিবলৈ সক্ষম হৈছে।

আজি প্ৰকাশিত এক প্ৰেছ বিজ্ঞপ্তিত টি বি এ নিৰ্বাচনৰ নিৰ্বাচনী বিষয়া সন্দিপ দত্ত চৌধুৰীয়ে কয়, ‘দেওবাৰে অনুষ্ঠিত ত্ৰিপুৰা বাৰ এছ’চিয়েশ্যনৰ নিৰ্বাচনত ৩৪৩ গৰাকী ভোটাৰে অংশ গ্ৰহণ কৰে। বি জে পি সমৰ্থিত অধিবক্তাই সভাপতি পদকে ধৰি ৯ খন আসন দখল কৰিবলৈ সক্ষম হয়।‘

আনহাতে চি পি আই (এম)ৰ অধিবক্তাই সম্পাদককে ধৰি ৬ খন আসন দখল কৰিবলৈ সক্ষম হয় বুলি তেওঁ জানিবলৈ দিয়ে। বৰ্তমান ১০৯ বছৰীয়া ত্ৰিপুৰা বাৰ এছ’চিয়েশ্যনত প্ৰায় ৬২৫ গৰাকী অধিবক্তা সদস্য আছে।

দত্ত চৌধুৰীয়ে আৰু কয় যে উচ্চতম ন্যায়ালয় আৰু বাৰ কাউন্সিল অব ইণ্ডিয়াৰ নিৰ্দেষনা অনুসৰি সেইসকল অধিবক্তাইহে টি বি এ নিৰ্বাচনত ভোটদান কৰিছে যিসকলে ৫ বছৰ ধৰি একেৰাহে ওকালতি কৰি আহিছে।