NORTHEAST NOW (Assamese)
অসম

হোজাইৰ গীতা আশ্ৰমত ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ ২০ দিনীয়া প্ৰশিক্ষণ শিবিৰৰ সামৰণি

Posted by: নিখিল মুন্দ্ৰা May 14, 2018 5:26 pm
RSS’s training camp concludes in Hojai

ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ ২০ দিনীয়া প্ৰশিক্ষণ শিবিৰৰ সামৰণি অনুষ্ঠানত মুখ্য বক্তা হিচাপে  উপস্থিত থাকি ‘‘বৰ্তমান ভাৰতবৰ্ষ, বিশেষকৈ উত্তৰ পূৰ্বাঞ্চল ৰাজ্যসমূহত ধৰ্ম, ভাষা আৰু সংস্কৃতিৰ নামত মানুহৰ মন বন্ধ হৈ পৰিছে’’ বুলি দাবী কৰিছে অখিল ভাৰতীয় সসম্পৰ্ক প্ৰমুখ সুনীল দেশপাণ্ডেই। হোজাইৰ গীতা-আশ্ৰমৰ চৌহদত অনুষ্ঠিত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰশিক্ষণ শিবিৰৰ সামৰণি অনুষ্ঠানত মুখ্য বক্তা হিচাপে উপস্থিত থাকি তেওঁ এইদৰে কয়।

তেওঁ কয় যে আমাৰ জাতি, আমাৰ সংস্কৃতি, আমা্ৰ ভাষাক ৰক্ষা কৰিবলৈ হ’লে আমি হিন্দুত্ব অনুধাৱন কৰিব লাগিব। এই সংকটৰ সময়ত হিন্দুত্ব হৈছে একমাত্ৰ সূতা যিয়ে আমাৰ সংসকৃতিক বান্ধি ৰাখিছে।

কাৰো নাম উল্লেখ নকৰাকৈ তেওঁ কয় যে বৰ্তমান ভাৰত এজন দক্ষ নেতাৰ নেতৃত্বত আগবাঢ়ি গৈ আছে আৰু আমি আমাৰ ভাষা, ধৰ্মীয় আৰু ভূমি সংক্ৰান্তীয় বিবাদ ত্যাগ কৰি সকলো একত্ৰিত হ’ব লাগে।

তেওঁ আৰু কয় যে ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ স্থাপনৰ ৯০ বছৰ পাছত আমাৰ দৃষ্টিভংগী হৈছে এই যে ৰাষ্ট্ৰই আমাক সকলোখিনি প্ৰদান কৰে আৰু ইয়াৰ বিনিময়ত আমিও ৰাষ্ট্ৰক প্ৰতিদান দিবলৈ শিকিব লাগিব। তেওঁ আৰু জনায় যে বৰ্তমান ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘই শিক্ষা, স্বাস্থ্য, সমাজৰ উন্নতি আদি বিভন্ন দিশ সামৰি সমাজ সেৱাৰ কাম কৰি আছে, মানুহক আত্মনিৰ্ভৰশীল কৰি তুলিছে আৰু ইয়াৰ কাৰণে অনুষ্ঠানটোৱে চৰকাৰৰ পৰা কোনো অনুদান গ্ৰহণ কৰা নাই।

পাণ্ডেই কয় যে হিন্দুত্ব থাকিলেহে জগত সংসাৰ থাকিব।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি বিখ্যাৎ শিক্ষাবিদ, দেউৰী সাহিত্য সভাৰ প্ৰতিষ্ঠাতা, বিভিন্ন অনুষ্ঠানৰ সৈতে জড়িত নৃপেন দেউৰীয়ে কয় যে অসমত বাস কৰা প্ৰত্যেক সম্প্ৰদায়েই নিজৰ নিজৰ ভাষা আৰু সংস্কৃতিক ৰক্ষা কৰিব লাগে।

তেওঁ আৰু কয় যে সামগ্ৰিকভাৱে আমি অসমীয়া আৰু ভাৰতীয় নাগৰিক। আমাৰ দায়িত্ব হৈছে আমাৰ জাতিক ৰক্ষা কৰা আৰু সামাজিক ঐক্যৰ বিৰুদ্ধে সক্ৰিয় হৈ থকা চক্ৰান্তসমূহক ঐক্যবদ্ধ হৈ প্ৰতিহত কৰা।

সামৰণি অনুষ্ঠানত ইয়াৰ পূৰ্বে স্বেচ্ছাসেৱকসকলে ২০ দিনীয়া প্ৰশিক্ষণ শিবিৰটোত (২৩ৰ পৰা ১৩ মে’লৈকে) লাভ কৰা দক্ষতাখিনি প্ৰদৰ্শন কৰে। ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ উত্তৰ অসম প্ৰান্তৰ প্ৰথম বৰ্গত ১৭৬ গৰাকী স্বেচ্ছা সেৱকে আৰু দ্বিতীয় বৰ্গত ১৫৪ গৰাকী স্বেচ্ছা সেৱকে অংশগ্ৰহণ কৰিছিল।

মঞ্চত উপৱিষ্ট বিশিষ্ট লোকসকল আছিল দক্ষিণ অসম প্ৰান্ত চলক জোসনাময় চক্ৰবৰ্তী, চিৰাং জিলা সংঘ কাৰ্যবাহক অধিকাৰী নাগেশ্বৰ ব্ৰহ্ম দেৱ আৰু উত্তৰ অসম প্ৰান্ত সংঘ চালক ড০ ভূপেশ চন্দ্ৰ শৰ্মা।