ত্ৰিপুৰা বিধানসভা নিৰ্বাচন: বিজেপিয়ে প্ৰচাৰ কৰা চিডিৰ বিষয়টোক লৈ নিৰ্বাচন আয়োগলৈ পত্ৰ প্ৰেৰণ চিপিআই(এম)ৰ

অহা ১৮ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ’বলগীয়া ত্ৰিপুৰা বিধানসভা নিৰ্বাচনৰ বাবে প্ৰচাৰাভিযানত বিজেপিয়ে চলোৱা ভিডিঅ’ প্ৰচাৰত হস্তক্ষেপ বিচাৰি নিৰ্বাচন আয়োগলৈ চিপিআই(এম)য়ে পত্ৰ প্ৰেৰণ কৰিছে।
চিপিআই(এম)ৰ ত্ৰিপুৰা ৰাজ্যিক সমিতিৰ সম্পাদক বিজন ধৰে মুখ্য নিৰ্বাচনী বিষয়ালৈ প্ৰেৰণ কৰা পত্ৰখনত অভিযোগ কৰিছে যে বিজেপিয়ে ইয়াৰ নিৰ্বাচনী প্ৰচাৰৰ অংশ হিচাপে ‘লাল চৰকাৰ’ নামৰ চিডি এখন প্ৰদৰ্শন কৰিছে য’ত কিছু আপত্তিজনক বিষয়বস্তু আছে। এইটোৱে ৰাজ্যখনত নিৰ্বাচন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত অস্থিৰতাৰ সৃষ্টি কৰিব পাৰে।
তেওঁ অভিযোগ কৰে যে বিজেপিয়ে ভিডিঅ’টো চিপিআই(এম)ৰ ভাৱমূৰ্তি বিনষ্ট কৰাৰ উদ্দেশ্যৰে নিৰ্মাণ কৰিছে আৰু ভিডিঅ’টোৰ বিষয়বস্তুৰ সৈতে ৰাজ্যখনত বৰ্তি থকা প্ৰকৃত সমন্বয়ৰ সম্পৰ্কৰ লগত কোনোধৰণে সম্পৰ্কিত নহয়।
ধৰে কয় যে ধৰ্ষণ আৰু হত্যাৰ কেইবাটাও ঘটনাত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু এইক্ষেত্ৰত চিপআই(এম)ৰ কৰ্মীসকলে যোগাত্মক ভূমিকা গ্ৰহণ কৰিছে।
নিৰ্বাচন আয়োগক চিডিখন শীঘ্ৰেই জব্দ কৰি বিজেপিৰ ভিডিঅ’ প্ৰচাৰ বন্ধ কৰিবলৈ অনুৰোধ কৰা হৈছে। ধৰে কয়,’’ ভাৰতৰ নিৰ্বাচন আয়োগে ৰাজনৈতিক দলবোৰ আৰু প্ৰাৰ্থীৰ বাবে নিৰ্দ্ধাৰণ কৰি দিয়া নিৰ্দেশনাৰ বাবে থকা আৰ্হি আচৰণ বিধিৰ ১(১) আৰু ২(২) দফা ভিডিঅ’ৰ বিষয়বস্তুৱে ভংগ কৰিছে।‘’
‘’আমি লগতে নিৰ্বাচনী লাভৰ বাবে যিসকলে অবৈধভাৱে ভিডিঅ’টো ব্যৱহাৰ কৰি আছে তেওঁলোকৰ বিৰুদ্ধেও প্ৰয়োজনীয় আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছো,’’-ধৰে কয়।