NORTHEAST NOW (Assamese)
ত্ৰিপুৰা

ত্ৰিপুৰা, মেঘালয় আৰু নাগালেণ্ড বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা

Posted by: এন ই নাও নিউজ January 18, 2018 1:31 pm
মুখ্য নিৰ্বাচনী আয়ুক্ত এ কে জ্যোতি

উত্তৰ-পূবৰ তিনিখন ৰাজ্য ক্ৰমে ত্ৰিপুৰা, মেঘালয় আৰু নাগালেণ্ড বিধানসভা নিৰ্বাচনৰ আজি দিন ঘোষণা কৰা হয়।

দুপৰীয়া ১২ বজাত এক সংবাদমেল সম্বোধন কৰি নিৰ্বাচন আয়োগে ৰাজ্য তিনিখনত দুটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব বুলি জানিবলৈ দিয়ে। ১৮ ফেব্ৰুৱাৰীত ত্ৰিপুৰাত ভোটদান অনুষ্ঠিত কৰাৰ বিপৰীতে ২৭ ফেব্ৰুৱাৰীত নাগালেণ্ড আৰু মেঘালয়ত ভোটদান অনুষ্ঠিত হ’ব৷ উল্লেখযোগ্য যে তিনিওখন ৰাজ্যতে ৬০ খনকৈ বিধান সভা আসন আছে।

আনহাতে ৩ মাৰ্চত তিনিওখন ৰাজ্যৰ ভোট গণনা তথা ফলাফল ঘোষণা কৰিব বুলি জানিবলৈ দিয়ে মুখ্য নিৰ্বাচনী আয়ুক্ত এ কে জ্যোতিয়ে৷

উল্লেখযোগ্য যে এইবাৰ তিনিখন ৰাজ্যৰ সকলো ভোটকেন্দ্ৰতে প্ৰথমবাৰৰ কাৰণে ভি ভি পি এ টি ব্যৱস্থাৰে ভোটাৰসকলে ভোটদান সাব্যস্ত কৰিব পাৰিব।

অহা মাৰ্চত তিনিওখন ৰাজ্যৰ বৰ্তমানৰ চৰকাৰৰ কাৰ্যকাল অন্ত পৰিব। মেঘালয়ত মুকুল চাংমাৰ নেতৃত্বত কংগ্ৰেছ চৰকাৰ চলি থকাৰ বিপৰীতে ত্ৰিপুৰাত মাণিক সৰকাৰ নেতৃত্বাধীন চি পি আই এমৰ চৰকাৰ আৰু নাগালেণ্ডত মুখ্য মন্ত্ৰী টি আৰ জেলিয়াঙৰ নেতৃত্বত এন পি এফ ৰ শাসণ চলি আছে।

আজি নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পিছৰে পৰা তিনিখন ৰাজ্যতে নিৰ্বাচনী আচৰণবিধি বলৱৎ কৰা হয়।