NORTHEAST NOW (Assamese)

ত্ৰি-শতাধিক পেডলাৰৰ অংশগ্ৰহণেৰে ডিব্ৰুগড়ত আৰম্ভ মেজৰ ৰেংকিং টেবুল টেনিছ

August 10, 2018 12:06 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক চিত্ৰ

বৃহস্পতিবাৰৰ পৰা ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ ইনড’ৰ ষ্টেডিয়ামত আৰম্ভ হৈছে চলিত বৰ্ষৰ অষ্টম বাৰ্ষিক সদৌ অসম মেজৰ ৰেংকিং টেবুল টেনিছ প্ৰতিযোগিতা।

ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত আৰু অসম টেবুল টেনিছ সন্থাৰ তত্ত্বাৱধানত কালিৰ পৰা আৰম্ভ হোৱা প্ৰতিযোগিতাখনত ৰাজ্যক সন্থাৰ স্বীকৃতিপ্ৰাপ্ত ১০ খন জিলাৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে বুলি আয়োজকে জানিবলৈ দিয়ে।

প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰা জিলা কেইখন ক্ৰমে শিৱসাগৰ, যোৰহাট, গোলাঘাট, নগাঁও, গুৱাহাটী, এন এফ ৰে’লৱে, শিলচৰ, ডিব্ৰুগড়, দুলীয়াজান আৰু অইল ইণ্ডিয়াৰ  প্ৰায় ত্ৰি-শতাধিক পেডলাৰে ইয়াত অংশগ্ৰহণ কৰিছে।

উল্লেখযোগ্য যে কালি বিয়লি ৪ বজাত শুভাৰম্ভ হোৱা প্ৰতিযোগিতাখন প্ৰথমে য়ুথ ল’ৰা আৰু ছোৱালীৰ লগতে পুৰুষ-মহিলা শাখাৰ প্ৰাৰম্ভিক ৰাউণ্ডৰ খেলসমূহ আৰম্ভ হয়।

আনহাতে আজি পুৱা ৯.৩০ বজাত প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে মুকলি কৰা হোৱা বুলি ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ সহকাৰী সম্পাদক ইমদাদ আহমেদে জানিবলৈ দিয়ে।

Related News