NORTHEAST NOW (Assamese)
অসম

দক্ষিণ শালমাৰাৰ ৰাইজৰ বাবে বেংক সেৱা এতিয়াও এক দুৰূহ স্বপ্ন

Posted by: মুকেশ কুমাৰ সিং March 29, 2018 12:01 pm
UCO-Dhubri-570x320

নৰেন্দ্ৰ মোডীৰ নেতৃত্বৰ এনডিএ চৰকাৰে নগদ বিহীন ডিজিটেল লেনদেনৰ বাবে নাগৰিকক উৎসাহিত কৰাৰ পৰিকল্পনা কৰাৰ সময়তে অসমৰ ২২ নং দক্ষিণ শালমাৰা বিধানসভা সমষ্টিৰ বাসিন্দাসকলৰ বাবে বেংক সেৱাৰ সুবিধা এক দুৰূহ স্বপ্ন হৈয়েই ৰৈছে।

২২নং দক্ষিণ শালমাৰা বিধানসভা সমষ্টিটো অসমৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত এটা অন্যতম সংখ্যালঘু অধ্যুষিত (য’ত প্ৰায় এশ শতাংশই মুছলমান সম্প্ৰদায়ৰ লোক বাস কৰে) সমষ্টি হিচাপে পৰিচিত।

কিন্তু তেওঁলোকে বেংক সেৱা গ্ৰহণ কৰিবলৈ ধুবুৰী জিলাৰ সদৰত থকা নিকট বেংকৰ শাখাটোলৈ যোৱাৰ বাবে বিশাল ব্ৰহ্মপুত্ৰৰ বুকুৰে নাৱেৰে এক কঠিন তথা বিপদসংকুল যাত্ৰা কৰিবলগীয়া হয়।

যদিওৱা কাগজে পত্ৰই কেইবাটাও বেংকৰ শাখা ইয়াত থকাৰ পিছতো সমষ্টিটোৰ বাসিন্দাসকলে ধুবুৰীলৈ কমেও ৫০ৰ পৰা ১০০ টকা খৰচ কৰি দিনজোৰা কাৰ্যসূচীৰে অহা যোৱা কৰিবলগীয়া হয়। কিয়নো এই বেংকবোৰৰ শাখাসমূহে দৰাচলতে আৰম্ভণিৰে পৰা ধুবুৰী চহৰৰ পৰাই কাম কাজ চলাই আহিছে।

দক্ষিণ শালমাৰাৰ এগৰাকী অৱসৰপ্ৰাপ্ত চৰকাৰী বিষয়া প্ৰহ্লাদ চক্ৰৱৰ্তীয়ে কয় যে আনকি বেংকৰ এজেন্টসকলেও ভিতৰুৱা অঞ্চলটো ভ্ৰমণ কৰিবলৈ নিবিচাৰে।

Salmara-residents-570x427

দক্ষিণ শালমাৰাত কোনো বেংকে কাম কাজ চলাব নিবিচৰাৰ আঁৰত থকা কাৰণ হ’ল এই ভিতৰুৱা অঞ্চলটোত সুৰক্ষাৰ ভাবুকিৰ লগতে উপযুক্ত পৰিবহন ব্যৱস্থাৰ অভাৱ আৰু ইন্টাৰনেট সেৱাৰ পুতৌজনক অৱস্থা।

উল্লেখযোগ্য যে চাৰিটাকৈ ৰাষ্ট্ৰায়ত্ত বেংকৰ য়ুনাইটেড বেংক অফ ইণ্ডিয়া, য়ুকো বেংক আৰু এলাহাবাদ বেংকৰ শাখা অঞ্চলটোৰ বিভিন্ন স্থানত প্ৰায় দুই দশক আগতে মুকলি কৰা হৈছিল।

দুৰ্ভাগ্যজনকভাৱে, সংশ্লিষ্ট বেংকৰ এইসমূহ শাখাই বিগত ১৫ বছৰ ধৰি সুৰক্ষা সম্পৰ্কীয় বিষয়ৰ লগতে অনুন্নত যোগাযোগ ব্যৱস্থাৰ সমস্যাৰ অজুহাতত ধুবুৰী জিলাৰ সদৰৰ পৰাই কাম কাজ চলাই আহিছে।

দক্ষিণ শালমাৰাৰ এজন স্থানীয় বাসিন্দা জৱহৰ আলীয়ে কয় যে দক্ষিণ শালমাৰা-মানকাচৰ জিলা গঠন হোৱা প্ৰায় ডেৰ বছৰ পাৰ হ’ল যদিও বুনিয়াদী আন্ত:গাঁথনি এতিয়াও গঢ়ি উঠা নাই।

আনকি খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়বোৰেও  এই সমষ্টিটোত আন্তা:গাঁথনিৰ অভাৱৰ বাবে ধুবুৰী চহৰৰ পৰাই কাম কাজ চলায় বুলিও আলীয়ে জানিবলৈ দিয়ে।