NORTHEAST NOW (Assamese)
অসম

চাইবাৰ সুৰক্ষা আৰু নিয়ম পালনত ব্যৰ্থতাৰ বাবে পাঁচটা বেংকক জৰিমনা ৰিজাৰ্ভ বেংকৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 4, 2025 3:00 pm

ভাৰতীয় ৰিজাৰ্ভ বেংকে চাইবাৰ সুৰক্ষা, লেনদেন, আৰু নীতিৰ সৈতে জড়িত নিয়ম ভংগ কৰাৰ অভিযোগত পাঁচটা প্ৰমুখ বেংকৰ ওপৰত জৰিমনা আৰোপ কৰিছে। জৰিমনা বিহা বেংকসমূহ হৈছে আইচিআইচিআই বেংক, বেংক অৱ বৰোদা, আইডিবিআই বেংক, বেংক অৱ মহাৰাষ্ট্ৰ, আৰু এক্সিছ বেংক।

ৰিজাৰ্ভ বেংকৰ তথ্য অনুসৰি, এই বেংকসমূহে বিভিন্ন নিয়মৰ লংঘন কৰাৰ বাবে জৰিমনাৰ সন্মুখীন হৈছে। সৰ্বাধিক জৰিমনা আৰোপ কৰা হৈছে আইচিআইচিআই বেংকৰ ওপৰত, য’ত বেংকটোৱে ৯৭.৮০ লাখ টকা জৰিমনা ভৰিবলগীয়া হৈছে। চাইবাৰ সুৰক্ষা আৰু গ্ৰাহকৰ তথ্যৰ সৈতে জড়িত (KYC) নিয়ম পালনত ব্যৰ্থতাৰ বাবে এই জৰিমনা বিহা হৈছে বুলি সদৰী কৰিছে।

আনহাতে বেংক অৱ বৰোদাক ৬১.৪০ লাখ টকাৰ জৰিমনা আৰোপ কৰা হৈছে। এই বেংকটোৱেও আৰ বি আইৰ নিৰ্দেশিত নিয়মসমূহ মানি চলাত ব্যৰ্থ হৈছে।  ইয়াৰ বিপৰীতে আইডিবিআই বেংকক কিষাণ ক্ৰেডিট কাৰ্ডৰ সৈতে জড়িত নিয়ম পালন নকৰাৰ বাবে ৩১.৮০ লাখ টকাৰ জৰিমনা বিহা হৈছে।

ইফালে মূলতঃ কেৱাইচি (KYC) সম্পৰ্কীয় নিয়ম উলংঘনৰ বাবে বেংক অৱ মহাৰাষ্ট্ৰকো একে পৰিমাণৰ, অৰ্থাৎ ৩১.৮০ লাখ টকাৰ জৰিমনা আৰোপ কৰা হৈছে।  এক্সিছ বেংকৰ ওপৰত একাউণ্টৰ লেনদেন আৰু আভ্যন্তৰীণ কাৰ্যকলাপত অনিয়মৰ বাবে ২৯.৬০ লাখ টকাৰ জৰিমনা বিহা হৈছে।

ৰিজাৰ্ভ বেংকে স্পষ্ট কৰিছে যে এই জৰিমনাসমূহ বেংকসমূহৰ অনিয়মৰ বাবে আৰোপ কৰা হৈছে আৰু ইয়াৰ পৰা গ্ৰাহকৰ দৈনন্দিন লেনদেনৰ ওপৰত কোনো প্ৰত্যক্ষ প্ৰভাৱ নপৰে। গ্ৰাহকসকলে স্বাভাৱিকভাৱে তেওঁলোকৰ বেংকিং সেৱা ব্যৱহাৰ কৰি যাব পাৰিব।

উল্লেখ্য যে গ্ৰাহক হিচাপে চাইবাৰ সুৰক্ষাৰ প্ৰতি সচেতন হৈ থকা আৰু নিয়মিতভাৱে

নিজৰৰ একাউণ্টৰ তথ্য পৰীক্ষা কৰাটো গুৰুত্বপূৰ্ণ হৈ পৰিছে। ৰিজাৰ্ভ বেংকৰ এই কঠোৰ পদক্ষেপে বেংকসমূহক নিয়ম পালনৰ ক্ষেত্ৰত অধিক দায়বদ্ধ হ’বলৈ বাধ্য কৰিব বুলি আশা কৰা হৈছে, যাৰ ফলত গ্ৰাহকৰ সুৰক্ষা আৰু বেংকিং ব্যৱস্থাৰ বিশ্বাসযোগ্যতা বৃদ্ধি পাব।