NORTHEAST NOW (Assamese)
অৰুণাচল

দিক্ৰং নৈৰ ওপৰত নতুন দলঙৰ আধাৰশিলা স্থাপন অৰুণাচলৰ মুখ্য মন্ত্ৰী পেমা খাণ্ডুৰ

Posted by: এন ই নাও নিউজ March 11, 2018 7:16 pm
Pema Khandu lays foundation stone of bridge

অৰুণাচল প্ৰদেশৰ মাজেৰে বৈ যোৱা দিক্ৰং নৈৰ ওপৰত নিৰ্মাণ হ’বলগীয়া এখন নতুন দলঙৰ আজি আধাৰশিলা স্থাপন কৰে ৰাজ্যখনৰ মুখ্য মন্ত্ৰী পেমা খাণ্ডুৱে।

১২০ মিটাৰ দৈৰ্ঘৰ উক্ত কংক্ৰিটৰ দলংখনে ৰাজ্যখনৰ ছ’পো আৰু লেখি গাৱঁক সংযোগ কৰিব বুলি জানিব পৰা গৈছে।

প্ৰাপ্ত তথ্য মতে ৰাজ্য চৰকাৰ আৰু নীপকোয়ে যুটীয়াভাৱে দলংখনৰ নিৰ্মাণৰ ব্যয় বহন কৰিব। ঔদ্যোগীক প্ৰতিষ্ঠানৰ সামাজিক দায়বদ্ধতা আঁচনিৰ অধীনত নীপকোয়ে উক্ত পুজিঁ আগবঢ়াব।

আজি অনুষ্ঠিত হোৱা আধাৰশিলা স্থাপন অনুষ্ঠানত মুখ্য মন্ত্ৰীৰ উপৰি ৰাজ্যখনৰ উপ মুখ্য মন্ত্ৰী চাওনা মেইন, গৃহ আৰু নগৰ পৰিকল্পনা মন্ত্ৰী নাবাম ৰেবিয়াৰ লগতে অন্যান্য লোকসকল উপস্থিত আছিল।

ইয়াৰ পূৰ্বে মুখ্য মন্ত্ৰী গৰাকীয়ে জামপাণ্ড ছ’পোত অৱস্থিত ১১০ মেগাৱটৰ পাৰে জলবিদ্যুৎ প্ৰকল্পত উপস্থিত হৈ নীপকোৰ বিষয়া সকলক প্ৰকল্পটোৰ কাম খৰতকীয়া কৰিবলৈ নিৰ্দেশ দিয়ে।