NORTHEAST NOW (Assamese)

দিনটোৰ ২৪ ঘণ্টাই কাৰ্যকৰী হৈ থাকিব গুৱাহাটী বিমানবন্দৰ

January 17, 2018 5:02 pm · এন ই নাও নিউজ

অহা ২৫ মাৰ্চৰ পৰা গুৱাহাটী বিমানবন্দৰ দিনটোৰ ২৪ ঘণ্টা ধৰি কাৰ্যকৰী হৈ থাকিব। গুৱাহাটীৰ উপৰি ৰাইপুৰ, পাটনা, ৰাঁচিৰ পৰাও প্ৰতিদিনাই ২৪ ঘণ্টা ধৰি বিমান চলিব।

উল্লেখযোগ্য যে এয়াৰপ’ৰ্ট অথৰিটি অব ইণ্ডিয়াৰ(এ এ আই) অধীনত চলা দেশৰ ১২৫টা বিমানবন্দৰৰ ভিতৰত বৰ্তমান কেৱল ৩০ বিমানবন্দৰৰ পৰা হে দিনটোৰ ২৪ ঘণ্টা বিমান চলাচল অব্যাহত আছে।

২৫ মাৰ্চৰ পৰা গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰৰ পৰা দিনটোৰ ২৪ ঘণ্টায়ে বিমান চলাচল কৰাৰ লগতে বিমানবন্দৰটোত অতি শীঘ্ৰেই এটা নতুন টাৰ্মিনেল বিল্ডিং স্থাপন কৰা হ’ব। গুৱাহাটীৰ উপৰি লেহ, পাটনা, ট্ৰিচি, বিজয়ৱাড়া, জবলপুৰ, আহমেদাবাদ, চেন্নাই, শ্ৰীনগৰ, পুনে, লক্ষনৌ, মেংগালোৰ, দেহৰাদুন আৰু জয়পুৰটো এই বছৰতে নতুন টাৰ্মিনেল বিল্ডিং স্থাপনৰ কাম আৰম্ভ কৰা হ’ব।

ইয়াৰোপৰি এ এ আইয়ে বৰ্তমান চলি থকা টাৰ্মিনেল সমূহক আধুনিকীকৰণ কৰাৰ লগতে ৰানৱে সমূহক শক্তিশালী কৰাৰ কামত লাগি আছে।

Related News