NORTHEAST NOW (Assamese)

দিন দুপৰতে কোকৰাঝাৰত মহিলাৰ পৰা দুৰ্বৃত্তই লুটি নিলে ২.৫৭ লাখ টকা

July 13, 2018 11:56 am · ৰিনয় বসুমতাৰী
প্রতিনিধিত্বমূলক চিত্র

ৰাজ্যত সঘনাই সংঘটিত হ’বলৈ ধৰিছে এটাৰ পাছত আন এটা ডকাইতি কাণ্ড। ঠিক সেইদৰে বৃহস্পতিবাৰে কোকৰাঝাৰ চহৰৰ মাজ মজিয়াতো তেনে এক চাঞ্চল্যকৰ ডকাইতি কাণ্ড সংঘটিত হয়।

কোকৰাঝাৰ জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক তথা বিটিচিৰ শীৰ্ষ পৰ্যায়ৰ বিষয়াৰ বাসগৃহৰ সন্মুখৰ পৰাই বাইকেৰে অহা অচিনাক্ত দুৰ্বৃত্তই এগৰাকী মহিলাৰ পৰা ২.৫৭ লাখ টকা লুটি নিয়া কাৰ্যই এতিয়া সমগ্ৰ জিলাখনতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

উল্লেখযোগ্য যে কালি দিনৰ ভাগত দতমা আৰক্ষী থানাৰ অন্তৰ্গত চৰাগাঁৱৰ প্ৰয়াত আব্দুল হামিদৰ পত্নী মঞ্জিলা খাতুনে কোকৰাঝাৰ ষ্টেট বেংক শাখাৰ পৰা ২,২০,০০০ টকা উলিয়াইছিল। আৰু টকা উলিওৱাৰ পাছতে মঞ্জিলা খাতুনে ভায়েকৰ লগত মটৰ চাইকেলেৰে ঘৰলৈ আহি আছিল। তেনে সময়তে বাইকেৰে অহা দুৰ্বৃত্তই টকাৰ বেগটো কাঢ়ি লৈ যায়।

এই ঘটনাত মহিলাগৰাকী বাইকৰ পরা পৰি যায় আৰু বেয়াকৈ আঘাতপ্ৰাপ্ত হয়। লগে লগে মহিলাগৰাকীক এম আৰ এম হাস্পাতালত চিকিৎসাৰ বাবে ভৰ্তী কৰোৱা হয়।

সাংবাদিকে মহিলাগৰাকীৰ ভাতৃ মহম্মদ আজম আলীৰ পৰা চাঞ্চল্যকৰ ডকাইতি কাণ্ড সন্দৰ্ভত জানিব বিচৰাত তেওঁ কয় যে এল আই চিৰ প্ৰিমিয়াম দিয়াৰ উদ্দেশ্যেই বেংকৰ পৰা ২ লাখ ২০ হাজাৰ টকা উলিয়াইছিল। তাৰোপৰি খাতুমে ঘৰৰ পৰাই ৩৭ হাজাৰ টকা আনিছিল। গোটেই মিলি ২ লাখ ৫৭ হাজাৰ টকা দুৰ্বৃত্তই লুটি লৈ যায়।

ইয়াৰ উপৰি মহিলাগৰাকীৰ ভাতৃয়ে ডকাইতি কাণ্ড সন্দৰ্ভত কোকৰাঝাৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰা বুলি জানিবলৈ দিয়ে। আৰক্ষীয়ে সমগ্ৰ ঘটনাটোৰ তদন্ত আৰম্ভ কৰা বুলিও জানিব পৰা গৈছে।

উল্লেখযোগ্য যে উপায়ুক্তৰ বাসগৃহৰ সন্মুখতে সংঘটিত হোৱা এনে ঘটনাই বিটিচিৰ প্ৰাণ কেন্দ্ৰ কোকৰাঝাৰ চহৰৰ নিৰাপত্তা ব্যৱস্থাৰ ফোপোলা স্বৰূপকে উদঙোৱা পৰিলক্ষিত হৈছে। এই ঘটনাক চহৰখনৰ লোকে দুৰ্ভাজনক আখ্যা দিয়াৰ লগতে অতি শীঘ্ৰে দুৰ্বৃত্তক কৰায়ত্ত কৰি শাস্তি প্ৰদানৰ দাবী তোলে।

Related News