NORTHEAST NOW (Assamese)
অসম

দিল্লীৰ প্ৰতিদ্বন্দ্বীক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ অসমৰ ভৱজিৎ চৌধুৰীৰ

Posted by: শশাংক তালুকদাৰ March 4, 2018 12:53 pm
Bhabajit-Choudhury--570x320

বৰ্তমান এমটিভি ছুপাৰ ফাইট লিগৰ (SFL) গুজৰাট ৱাৰিয়ৰ্ছ দলটোৰ অধিনায়ক হিচাপে খেলি থকা অসমৰ ভৱজিত চৌধুৰীয়ে এখন গুৰুত্বপূৰ্ণ মেচত দিল্লীৰ প্ৰতিদ্বন্দ্বীক হৰুৱাই কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে।

বৰপেটা জিলাৰ বজালী মহকুমাৰ পাটাছাৰকুছিৰ বাসিন্দা ভৱজিৎ চৌধুৰী হৈছে দিগম্বৰ চৌধুৰী আৰু দেৱীৰাণী চৌধুৰীৰ সন্তান।

এই যোদ্ধাজনৰ জীৱন নানা ঘাত-প্ৰতিঘাতেৰে ভৰা আৰু সেই সকলো অতিক্ৰম কৰি চৌধুৰীয়ে সমৰকলাৰ ক্ষেত্ৰখনত তেওঁৰ সৰ্বোত্তম খিনি দিবলৈ সক্ষম হৈছে। তেওঁ ক্ৰমে ক্ৰমে উন্নত প্ৰদৰ্শনেৰে অধিক সামৰ্থ্যৱান তথা আত্মবিশ্বাসী হৈ আহিছে।

তেওঁ কুংফু, টাইকোৱানডো, মুৱাৱে থাই, কিক বক্সিং, মল্লযুদ্ধ, ব্ৰাজিলিয়ান যি-যুৎসু, ঊশ্বু আৰু মিশ্ৰ সমৰকলা (MMA)আদি সমৰকলাত শিক্ষা লাভ কৰাৰ লগতে সেইসমূহৰ প্ৰশিক্ষণো প্ৰদান কৰে।

২০১২ চনৰ পৰাই তেওঁ ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলত অনুষ্ঠিত বিভিন্ন প্ৰতিযোগিতাত ভালেমান পদক লাভ কৰাৰ উপৰিও সমগ্ৰ দেশতেই কেইবাটাও পুৰস্কাৰ আৰু প্ৰশংসাপত্ৰ লাভ কৰিছে।

কিছুদিন পূৰ্বে চৌধুৰীয়ে ১৭ ফেব্ৰুৱাৰিত অনুষ্ঠিত প্ৰথমখন মেচত তামিলনাডুৰ বিৰূদ্ধে জয় লাভ কৰিছিল।

কোৱাৰ্টাৰ ফাইনেলত বিজয় সাৱ্যস্ত কৰিব পাৰিলে চৌধুৰীয়ে ছেমিফাইনেলত নিজৰ স্থান সুৰক্ষিত কৰাৰ লগতে প্ৰতিযোগিতাখনৰ ফাইনেল খেলাৰ আশাও সজীৱ কৰি তুলিব।