NORTHEAST NOW (Assamese)
অসম

দীৰ্ঘতম সময়ৰ বাবে মেণ্ডোলিন বজোৱাৰ অভিলেখ সৃষ্টিৰ লক্ষ কুন্তলৰাজ চক্ৰবৰ্তীৰ

Posted by: এন ই নাও নিউজ ব্যুৰো December 3, 2017 6:13 pm

অহা ডিচেম্বৰৰ ২৪ ৰ পৰা একেৰাহে ২৪ ঘণ্টা মেণ্ডোলিন বজাই অবিৰতভাৱে দীৰ্ঘতম সময়ৰ বাবে মেণ্ডোলিন বজোৱাৰ অভিলেখ কৰি গিনীজ বুকত স্থান ল’বলৈ চেষ্টা কৰিব অসমৰ এজন প্ৰখ্যাত মেণ্ডোলিন বাদক কুন্তলৰাজ চক্ৰবৰ্তীয়ে। তেওঁ ইতিপূৰ্বে ইণ্ডিয়ান বুক অব ৱ’ৰ্ল্ড ৰেকৰ্ড, গ’ল্ডেন বুক অব ৱ’ৰ্ল্ড ৰে’কৰ্ডত হাইস্পীড মেণ্ডলিন বাদনৰ বাবে স্থান পাইছে। শ্ৰী চক্ৰবৰ্তয়ে এই নতুন অভিলেখৰ বাবে অহা ২৪ ডিচেম্বৰত গুৱাহাটীৰ জু তিনি আলিত থকা বৃন্দাবন গাৰ্ডেনত অনুষ্ঠান পৰিৱেশন কৰিব।