NORTHEAST NOW (Assamese)
অটো

ছ’চিয়েল মিডিয়াত ব্যাপক হাৰত বিস্তাৰিত হ’ব ধৰা এটা Tweet – কি আছে ইয়াত!

Posted by: পিয়ুষ ৰঞ্জন বৰদলৈ Updated by: পিয়ুষ ৰঞ্জন বৰদলৈ June 28, 2019 4:56 pm
Saraighat Bridge

মাত্র কিছুদিন পূর্বে যান-বাহন চলাচলৰ বাবে তিনি মাহৰ মেৰামতিৰ অন্তত মুকলি কৰি দিয়া হৈছিল পুৰণি শৰাইঘাটৰ দলংখন। আকৌ চাগে Service Break দিব লগা হ’ব দলং খনক।

মাহজোৰা পৰিশ্ৰমৰ অন্তত কিছুদিন আগেয়ে ৰাইজৰ বাবে মুকলি কৰি দিয়া শৰাইঘাটৰ দলংখন এতিয়া ছ’চিয়েল মিডিয়াত মানুহৰ মাজত চৰ্চাৰ মূল বিষয় হৈ পৰিছে । কিয়নো নতুনকৈ মেৰামতি কৰা দলঙখনত ৰঙৰ গোন্ধ নৌযাওতেই এতিয়া চাৰিওফালে বিয়পি পৰিছে ৰজনীগন্ধা, শিখৰ আদিৰ ফুল ছিটিকনি।

এই বিষয়টোকলৈ অসম চৰকাৰৰ জনতাৰ চৰকাৰ অসম নামৰ টুইটাৰ হেণ্ডেলটোৰ পৰা এখন ফটো টুইট কৰাৰ পাছত এতিয়া বিষয়টো ৰাইজৰ মাজত অতি চৰ্চাৰ বিষয় হৈ পৰিছে।

উল্লেখযোগ্য যে, কিছুদিন পূৰ্বে ড্ৰাগছ সৰবৰাহকলৈ অসম আৰক্ষীয়ে কৰা এটা টুইটে দেশৰ লগতে বিদেশতো চৰ্চাৰ শিৰোনাম দখল কৰিবলৈ সক্ষম হৈছিল।