NORTHEAST NOW (Assamese)
দেশ

কৰ’ণাত আক্ৰান্ত প্ৰাক্তন প্ৰধানমন্ত্ৰী এইচ ডি দেৱগৌড়া, চিকিৎসালয়ত ভৰ্তি

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 22, 2022 7:20 pm
HD Deve Gowda

ক’ভিদত আক্ৰান্ত হৈছে প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা জনতা দল (চেকুলাৰ)ৰ সভাপতি এইচ ডি দেৱগৌড়া। বৰ্তমান তেওঁ বেংগালুৰুৰ মণিপাল চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

অৱশ্যে চিকিৎসালয় কৰ্তৃপক্ষই বৰ্তমান প্ৰাক্তন প্ৰধানমন্ত্ৰীজন সুস্থিৰ অৱস্থাত আছে বুলি জানিবলৈ দিয়ে।

“এইচডি দেৱগৌড়াক ২১ জানুৱাৰীত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল আৰু তেতিয়াৰ পৰা সুস্থিৰ হৈ আছে। তেওঁৰ স্বাস্থ্যৰ অৱস্থা স্বাভাৱিক সীমাৰ ভিতৰত আছে আৰু তেওঁ চিকিৎসাৰ প্ৰতি সঁহাৰি দি আহিছে।” চিকিৎসালয় কৰ্তৃপক্ষই কয়।

চিকিৎসালয় কৰ্তৃপক্ষই লগতে দেৱগৌড়াৰ স্বাস্থ্য নিৰন্তৰ নিৰীক্ষণ কৰা হৈছে বুলি উল্লেখ কৰে।

এইচডি দেৱগৌড়াৰ কাৰ্যালয়ে আজি দুপৰীয়া নিশ্চিত কৰিছিল যে প্ৰাক্তন প্ৰধানমন্ত্ৰীজনৰ শৰীৰত ক’ভিদ পজিটিভ ধৰা পৰিছে। কিন্তু তেওঁৰ শৰীৰত কোনো লক্ষণ নাই আৰু তেওঁৰ স্বাস্থ্য স্থিৰ।

টুইটাৰযোগে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বাসবৰাজ বোম্মাইয়েও এই কথা নিশ্চিত কৰে আৰু দেৱগৌড়াৰ আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰে।

উল্লেখ্য যে দ্বিতীয়বাৰৰ বাবে প্ৰাক্তন প্ৰধানমন্ত্ৰীজন ক’ভিদ-১৯ ৰ দ্বাৰা সংক্ৰমিত হৈছে। ইয়াৰ পূৰ্বে যোৱা বৰ্ষৰ ৩১ মাৰ্চত দেৱগৌড়া আৰু তেওঁৰ পত্নী চেন্নাম্মা ক’ভিদত আক্ৰান্ত হৈছিল আৰু দুয়োকে বেংগালুৰুৰ মণিপাল চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।