NORTHEAST NOW (Assamese)
অসম

দুকুৰি বছৰৰ পিছত এন আৰ চিয়ে মিলন ঘটালে : এন আৰ চিক কৃতজ্ঞতা দুই ভাইৰ

Posted by: ৰিনয় বসুমতাৰী March 19, 2018 10:48 pm
reunion-of-brothers-570x320

ইজনে সিজনক সুদীৰ্ঘ ৪০ বছৰো অধিক দিন ধৰি দেখা নোপোৱা দুজন ককাই-ভাইৰ কাহিনী এয়া। ৰাজ্যত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কাম নোহোৱা হ’লে হয়তো কেতিয়াও লগ নাপালেহেঁতেন। কিন্তু চলিত এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াই একে ঠাইলৈ আহিবলৈ বাধ্য কৰিলে তেওঁলোকক। সেয়ে দুয়ো হৃদয় ভৰি কৃতজ্ঞতা জনালে এন আৰ চিক।

বিপিন সূত্ৰধৰে জনোৱামতে, শুক্লেশ্বৰ সূত্ৰধৰ (৫৩) আৰু বিপিন সূত্ৰধৰ (৪৬) নামৰ দুই ককাই-ভাইৰ ঘৰ আছিল চিৰাং জিলাৰ বিজনী মহকুমাৰ উত্তৰ বলামগুৰি গাৱঁত। আজিৰ পৰা প্ৰায় ৪৬ বছৰ পূৰ্বে মাক-দেউতাকৰ মৃত্যুৰ পিছত দুয়ো বিচ্ছিন্ন হৈ পৰে আৰু নিজ জন্মস্থান এৰিবলৈ পৰিস্থিতিয়ে বাধ্য কৰে। ইয়াৰ ককায়েক শুক্লেশ্বৰ সূত্ৰধৰ যায় কোকৰাঝাৰলৈ আৰু বিপিন সূত্ৰধৰ যায় ধেমাজিলৈ। ঘটনাৰ পাকচক্ৰত দুয়ো নিজৰ নিজৰ সংসাৰৰ সৈতে ইমান দিনে উক্ত দুই মূৰীয়া স্থানত জীৱন যাপন কৰি আহিছিল।

কিন্তু শেহতীয়াকৈ এন আৰ চিৰ লিংকেইজ পৰীক্ষণ প্ৰক্ৰিয়াত দুয়োৰে পৰিয়ালে লাভ কৰে জাননী। বিপিন সূত্ৰধৰে নিজৰ জীয়েকৰ বাবে লিংকেইজ তথ্য বিচাৰি আহে জন্মস্থান বিজনীলৈ। কিন্তু তাত তেওঁলোকে একো নাপাই পিছত কোকৰাঝাৰলৈ যায়।

ঘটনাক্ৰমে কোকৰাঝাৰৰ তিতাগুৰি এন আৰ চি লিংকেইজ পৰীক্ষণ কেন্দ্ৰৰ পৰা জাননী গৈছিল ককায়েক শুক্লেশ্বৰ সূত্ৰধৰলৈও। তিতাগুৰি এন আৰ চিৰ নথি পৰীক্ষণ কেন্দ্ৰলৈ যাওঁতেই ইজনে সিজনক লগ পায়।

পৰিচয় ঘটাৰ মুহূৰ্তত দুয়ো আৱেগিক হৈ পৰি আনন্দৰ চকুলো টুকে। বিপিন সূত্ৰধৰৰ সৈতে লগত আছিল তেওঁৰ পৰিয়ালৰ লোকো আছিল।

সাংবাদিকৰ আগত দুয়ো নিজৰ কাহিনী ব্যক্ত কৰি কয় যে এন আৰ চিৰ প্ৰতি তেওঁলোক কৃতজ্ঞ। কাৰণ তেওঁলোকে ৪০ বছৰৰো অধিক দিন পৰস্পৰক দেখা নাছিল।