NORTHEAST NOW (Assamese)
Popular Stories

কেবিনেটৰ সিদ্ধান্ত; এবছৰৰ বাবে দৰমহাৰ ৩০% কৰ্তন কৰা হ’ব অসমৰ সকলো মন্ত্ৰী-বিধায়কৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 7, 2020 9:03 pm
index

আজি অনুষ্ঠিত অসম চৰকাৰৰ কেবিনেট বৈঠকত কেবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

অন্যান্য সিদ্ধান্তৰ লগতে অসম মন্ত্ৰী সভাৰ মন্ত্ৰী আৰু অসম বিধান সভাৰ বিধায়কসকলৰ দৰমহাৰ পৰা এবছৰ বাবে ৩০ শতাংশ কৰ্তন কৰাৰ সিদ্ধান্তও গ্ৰহণ কৰা হৈছে।

মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ টুইটাৰ একাউন্টত এটা টুইটৰ যোগে মঙলবাৰে এই কথা ঘোষণা কৰা হৈছে।

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধী যুঁজত ব্যয় কৰিবলগীয়া এই ধন ৰাশি অসম চৰকাৰৰ আৰোগ্য নিধিত জমা কৰা হ’ব।

ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ কেবিনেট বৈঠকত সকলো কেন্দ্ৰীয় মন্ত্ৰীৰ লগতে সাংসদসকলৰ দৰমহাৰ পৰা এবছৰ বাবে ৩০ শতাংশ কৰ্তন কৰি কেন্দ্ৰীয় চৰকাৰৰ আৰোগ্য নিধিত জমা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল।

ইফালে ত্ৰিপুৰা ৰাজ্য চৰকাৰৰ কেবিনেটো তদ্ৰূপ সিদ্ধান্তৰ কথা আজি ঘোষণা কৰিছে। নিজৰ টুইটাৰ একাউন্টত টুইট কৰি ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেৱে কয় যে ত্ৰিপুৰাৰ বিধায়কসকলৰ বিধায়ক পুঁজি দুবছৰলৈ বন্ধ কৰি ৰখা হ’ব।