NORTHEAST NOW (Assamese)
অসম

দুধনৈৰ গোচৰত অখিল গগৈক দুদিনৰ ন্যায়িক জিম্মাত

Posted by: এন ই নাও নিউজ December 24, 2017 7:38 pm

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈক দেওবাৰে দুদিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে। মন কৰিব লগীয়া দেওবাৰে গোৱালপাৰা জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা কৃষক নেতাজনক ডিব্ৰুগড় জেইলৰ পৰা মুকলি হোৱা থিক পিছতে দুধনৈ আৰক্ষীয়ে পুনৰ আটক কৰিছিল। অহা বুধবাৰে গোৱালপাৰা আদালতত পুনৰ হাজিৰ হ’ব লগীয়া গগৈক দুধনৈ আৰক্ষীয়ে ১৪ দিনৰ আৰক্ষী জিন্মাত নিবলৈ আবেদন কৰিছিল যদিও আদালতে উক্ত আবেদনক খাৰিজ কৰি তেওঁক দুদিনৰ ন্যায়িক জিন্মালৈ প্ৰেৰণ কৰে বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে ১৮ ছেপ্টেম্বৰত ৰাষ্ট্ৰদ্ৰোহৰ অপৰাধত গ্ৰেপ্তাৰ কৰি ডিব্ৰুগড় জেইলত আবদ্ধ কৰি ৰখা অখিল গগৈক গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ গোচৰৰ পৰা মুক্তি দিয়া দুদিনৰ পাছতে দুধনৈ আৰক্ষীয়ে তেওঁক দুধনৈৰ এখন মহাবিদ্যালয়ৰ ক্ষতি সাধন কৰা সন্দৰ্ভত ৰুজু হৈ থকা এটা পুৰণি গোচৰত আটক কৰিছিল। আনহাতে কৃষক মুক্তিৰ সমৰ্থক সকলে অখিল গগৈক এটা পুৰণি গোচৰত গ্ৰেপ্তাৰ কৰাত চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। অৱশ্যে দুধনৈ আৰক্ষী থানাত ৰুজু হৈ থকা উক্ত গোচৰৰ পৰা অখিল গগৈয়ে জামিন পাব বুলি এজন জেষ্ঠ্য অধিবক্তাৰ পৰা জানিব পৰা গৈছে।