NORTHEAST NOW (Assamese)
অসম

দুলীয়াজানৰ অইল-ডি এফ এ’ আমন্ত্ৰণমূলক আন্তঃ একাদেমি ডিব্ৰুগড়-তিনিচুকীয়া অনূৰ্ধ্ব-১৬ ফুটবলত বুধবাৰৰ বিজয়ী নামৰূপ টাউন ক্লাব, বাৰেকুৰি ফুটবল একাডেমি

Posted by: অভিক চক্ৰবৰ্তী March 14, 2018 9:46 pm

দুলীয়াজান নেহৰু ময়দানত চলি থকা দ্বিতীয় অইল ইণ্ডিয়া-ডি এফ এ’ আমন্ত্ৰণমূলক আন্তঃ একাদেমি বৃহত্তৰ ডিব্ৰুগড়-তিনিচুকীয়া জিলা অনূৰ্ধ্ব-১৬ ফুটবল প্ৰতিযোগিতাত বুধবাৰে নামৰূপ টাউন ক্লাব আৰু বাৰেকুৰি ফুটবল একাডেমিয়ে নিজৰ নিজৰ খেলত জয়লাভ কৰিছে।

প্ৰথমখন খেলত নামৰূপ টাউন ক্লাবে তিনিচুকীয়া ফুটবল ক্লাবক ১-০ গ’লত পৰাজিত কৰে।

নামৰূপৰ মিডফিল্ডাৰ ৰূপমে খেলৰ ১৭ মিনিটত একমাত্ৰ গ’লটো দিয়ে।

নামৰূপ টাউন ক্লাবৰ মাধূৰ্য্য গগৈক শ্ৰেষ্ঠ খেলুৱৈ ঘোষণা কৰা হয়।

দ্বিতীয়খন খেলত বাৰেকুৰি ফুটবল ক্লাবে টী স্প’ৰ্টছ একাডেমিক টাইব্ৰে’কাৰত ৪-২ গ’লত পৰাজিত কৰে।

নিৰ্ধাৰিত সময়ত গ’লশূন্যভাৱে ড্ৰ হোৱা খেলখনৰ টাইব্ৰে’কাৰত বাৰেকুৰিৰ হৈ সুনীল চেতিয়া, প্ৰনৱ গোহাঁই, অভিৰাজ চৌৰাউ, পাপু চেতিয়াই গ’ল দিয়াৰ বিপৰীতে আনটো দলৰ হৈ গ’ল দিয়ে বাবুল ৰবিদাস আৰু মানস গগৈয়ে।