NORTHEAST NOW (Assamese)
অসম

নগাঁৱৰ আমনিত দলঙৰ ৰেলিং ভাঙি নৈত পৰিল মিনি ট্ৰাক; দুজন আহত

Posted by: বিদ্যুৎজ্যোতি বৰা Updated by: বিদ্যুৎজ্যোতি বৰা November 16, 2019 7:19 pm

নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত আমনিত সংঘটিত এক দুৰ্ঘটনাত এখন মিনি ট্ৰাক দলঙৰ ৰেলিং ভাঙি নৈত পৰাৰ ফলত দুজন লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

ঘটনা অনুসৰি আজি পুৱা প্ৰায় ৯ বজাত যোৰহাটৰ পৰা গুৱাহাটী অভিমুখী এ এছ ০১ এল চি ১৭৫৯ নম্বৰৰ মিনি ট্ৰাকখনে নিয়ন্ত্ৰণ হেৰুৱাই আমনিস্থিত ‘তৃপ্তিৰে এসাজ’ নামৰ হোটেলৰ সমীপৰ দীজু নৈৰ ওপৰৰ জৰাজীৰ্ণ পকী দলঙৰ ৰেলিঙত খুন্দিয়াই নৈত বাগৰি পৰে।

ফলত গাড়ীখনত থকা চালক নলবাৰীৰ চন্দন ৰাজবংশী (২৭) আৰু মালিক যোৰহাটৰ প্ৰফুল্ল গগৈ (২০) গুৰুতৰভাৱে আহত হয়। পিছত স্থানীয় লোকৰ সহযোগত দুয়ো গৰাকীকে চিকিৎসাৰ বাবে ১০৮ এম্বুলেঞ্চেৰে জখলাবন্ধালৈ লৈ যোৱা হয়।

অৱশ্যে জখলাবন্ধাৰ চিকিৎসকে যুৱক দুজনৰ আঘাত গুৰুতৰ হোৱাত তেওঁলোকক উন্নত চিকিৎসাৰ বাবে নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

পৰবৰ্তী সময়ত চামগুৰি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ দুৰ্ঘটনাত পতিত মিনি ট্ৰাকখন উদ্ধাৰ কৰে বুলি জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ উক্ত দলঙখনত বিগত সময়ত বহু কেইটা দুৰ্ঘটনা সংঘটিত হোৱাৰ লগতে গেছ টেংকাৰ পৰ্যন্ত দলঙৰ ৰেলিং ভাঙি দীজু নৈত পৰিছিল যদিও আজি পৰ্যন্ত প্ৰশাসন নাইবা সংশ্লিষ্ট বিভাগে দলংখনৰ ৰেলিং মেৰামতি কৰা নাই।