NORTHEAST NOW (Assamese)
অসম

দুৰ্ঘটনাত আহত ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী পাৰিষদ টংকেশ্বৰ ৰাভা

Posted by: নীলমণি শৰ্মা June 28, 2018 8:39 am

কালি সংঘটিত এক পথ দুৰ্ঘটনাত ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী পাৰিষদ টংকেশ্বৰ ৰাভাৰ বাহনখন দুৰ্ঘটনাগ্ৰস্ত হয়। দুৰ্ঘটনাটোৰ ফলত  টংকেশ্বৰ ৰাভাই মুৰত গুৰুতৰ আঘাত পায়।

প্ৰাপ্ত তথ্য মতে দক্ষিণ কামৰূপৰ শাখাতিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ৰাভাৰ তীব্ৰবেগী এ এছ ১৮ ডি ১১৯৭ নম্বৰৰ স্কৰপিঅ’ গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত থকা গছত খুন্দা মৰাৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হয়।

গুৱাহাটীৰ পৰা দুধনৈৰ নিজ ঘৰলৈ আহি থকা পথতে উক্ত দুৰ্ঘটনাটো সংঘটিত হৈছিল ৷

দুৰ্ঘটনাৰ পিছতে ৰাভাক লগে লগে ধূপধৰা বিকালী মডেল হাস্পাতালত প্ৰাথমিক চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হয় যদিও পিছত তেওঁক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীৰ জি এম চি এইচলৈ প্ৰেৰণ হয়।