NORTHEAST NOW (Assamese)
অসম

কাজিৰঙাৰ গঁড় হত্যাত জড়িত ধৃত চোৰাংচিকাৰীৰ পৰা ৩০৩ ৰাইফল আৰু গুলী বাৰুদ উদ্ধাৰ

Posted by: উত্তম শইকীয়া June 28, 2018 8:13 am
ইযাকুব আলী

গুৱাহাটী মহানগৰীৰ পানবজাৰৰ মেঘদূত ভৱনৰ সমীপৰ পৰা বন বিভাগ আৰু আৰক্ষীৰ যৌথ অভিযানকাৰী  দলে আটক কৰা ইয়াকুব আলীৰ পৰা বুধবাৰৰ দিনা এটা ৩০৩ ৰাইফল , এটা চাইলেঞ্চাৰ , এটা লেজাৰ লাইট আৰু ২৪ জাঁই সজীৱ গুলী উদ্ধাৰ কৰিছে ৷

ইয়াকুৱ আলীৰ স্বীকাৰোক্তিৰ আধাৰতে বন বিভাগ আৰু আৰক্ষীয়ে চতিয়াৰ ৪নং ভোজমাৰীৰ ইয়াকুৱ আলীৰ বাসগৃহৰ পৰা গঁড় হত্যাত ব্যৱহৃত এই অস্ত্ৰ সমুহ উদ্ধাৰ কৰিছে ৷ সম্প্ৰতি গঁড় হত্যাৰ সবিশেষ উদ্ধাৰৰ বাবে চতিয়া আৰু জামুগুৰি আৰক্ষীয়ে ইয়াকুৱ আলীৰ জেৰা অৱ্যাহত ৰাখিছে।

অস্ত্ৰ-শস্ত্ৰ, গুলী-বাৰুদ
ধৃত চোৰাংচিকাৰী ইয়াকুৱ আলীৰ ঘৰৰ পৰা উদ্ধাৰ কৰা ৰাইফল আৰু গুলী-বাৰুদ। ফটো : নৰ্থইষ্ট নাও

উল্লেখ্য যে কাজিৰঙাৰ বহু কেইটা গঁড় হত্যাত জড়িত আছিল ধৃত চোৰাং চিকাৰী ইয়াকুব আলী ৷ যোৱা ২৯ মে’ত বিশ্বনাথৰ পাণপুৰত সংঘটিত গঁড় হত্যাৰ মূল অভিযুক্ত আছিল ইয়াকুব আলী।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ উত্তৰ বনাঞ্চলৰ বনাঞ্চলিক  বিষয়া প্ৰাঞ্জল বৰুৱাই জনোৱা মতে ২৯ মে’ৰ গঁড়  চিকাৰৰ ঘটনাত মুঠ ১০ জন চোৰাংচিকাৰী জড়িত আছিল ৷ ইয়াৰে ৫ জনক এতিয়ালৈকে আটক কৰা হৈছে আৰু ধৃত ইয়াকুব আলীয়ে এই ঘটনাৰ নেতৃত্বত আছিল ৷

ইয়াকুব আলী ২০১৪ চনৰ গঁড় হত্যাৰ এক গোচৰতো অভিযুক্ত আছিল । সেই  গোচৰত  চি বি আইয়ে তেওঁৰ ওপৰত চাৰ্জ শ্বীট দাখিল কৰিছিল আৰু চি বি আইৰ গোচৰৰ জামিন ল’বলৈ আদালতলৈ অহা অৱস্থাতে ইয়াকুব আলীক পানবজাৰৰ মেঘদূত ভৱনৰ সমীপত অভিযানকাৰী দলে আটক কৰিছিল।