NORTHEAST NOW (Assamese)

দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ কোষাধ্যক্ষ আৰু সহ গাণনিক

March 5, 2018 10:38 pm · এন ই নাও নিউজ

দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ কোষাধ্যক্ষ দীপেন শৰ্মাৰ লগতে সহ গাণনিক।

দুৰ্নীতি নিবাৰক শাখাই আজি সোমবাৰে দুয়োকে গ্ৰেপ্তাৰ কৰে।

২০১০-১১ বিত্তীয় বৰ্ষত কলাক্ষেত্ৰখনত সংঘটিত ১.১০ কোটিটকীয়া দুৰ্নীতিৰ অভিযোগত দুয়োকে গ্ৰেপ্তাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে।

Indira Gandhi National Centre for the Artsৰ পৰা অহা ধনৰ কেলেংকাৰিৰ অভিযোগত ২০১৭ চনত দুৰ্নীতি নিবাৰক শাখাই গোচৰ ৰুজু কৰিছিল।

কলাক্ষেত্ৰৰ প্ৰাক্তন সচিব, বিজেপি নেতা চবিন ৰাজখোৱাও এই দুৰ্নীতিত জড়িত বুলি অভিযোগ উত্থাপিত হৈছে।

উচ্চতম ন্যায়ালয়ৰ পৰা এই সন্দৰ্ভত ৰাজখোৱাই আগতীয়া জামিন বিচাৰি আবেদন কৰিছে বুলি জানিব পৰা গৈছে।

Related News