NORTHEAST NOW (Assamese)

দুৰ্বৃত্তৰ ভাবুকিৰ পৰিপ্ৰেক্ষিতত তৃতীয় দিনৰ বাবেও স্তব্ধ বগীবিল দলঙৰ নিৰ্মাণকাৰ্য

March 23, 2018 8:22 pm · অভিক চক্ৰবৰ্তী
Updated: March 23, 2018 8:25 pm

আজি তৃতীয় দিনৰ বাবেও স্তব্ধ হৈ ৰৈছে বগীবিল দলঙৰ নিৰ্মাণ কাৰ্য। দুদল ঠিকাদাৰৰ মাজৰ বিবাদৰ ফলত আৰু এদল দুৰ্বৃত্তই বনুৱাসকলক ভাবুকি দিয়াৰ ফলত এইদৰে দিনৰ পিছত দিন স্তব্ধ হৈ  ৰৈছে দলংখনৰ নিৰ্মাণকাৰ্য।

অভিযোগ অনুসৰি, দলংখনৰ মূল ঠিকাদাৰ এম/এছ হিন্দুস্তান কনষ্ট্ৰাকশ্যন কোম্পানিৰ অভিযন্তা, কৰ্মচাৰী আৰু বনুৱাসকলক বেআইনী উপায়েৰে নিয়োগ বিচৰা দুৰ্বৃত্তৰ এটা দলে ভাবুকি প্ৰদান কৰিছিল।

এক নিৰ্ভযোগ্য সূত্ৰই জনোৱা মতে, ৪.৯৪ কি: মি: দৈৰ্ঘৰ এই দলংখনৰ ওপৰৰ গাঁথনিৰ কামৰ বাবে দুজন ঠিকাদাৰৰ অধীনত দুদল বনুৱাক নিয়োগ কৰা হৈছিল।  এদল বনুৱাক উত্তৰ পাৰৰ(ধেমাজিৰ ফালে) আৰু আনটো দলক দক্ষিণ পাৰৰ (ডিব্ৰুগড়ৰ ফালৰ) নিৰ্মাণৰ দায়িত্ব অৰ্পণ কৰা হৈছিল। কিন্তু যেতিয়াই পূৰ্বৰ চুক্তি ভংগ কৰি উত্তৰ ফালৰ বনুৱাৰ দলটোৱে দক্ষিণ ফালে নিৰ্মাণ কাৰ্য কৰিবলৈ ধৰে তেতিয়াই বিবাদৰ সূত্ৰপাত হয়।

এগৰাকী ৰেলৱে বিষয়াই জনোৱা মতে পৰস্পৰ সন্মতি সাপেক্ষে দুগৰাকী ঠিকদাৰে দলংখনৰ ওপৰৰ গাঁঠনিৰ ওপৰ মহলাৰ ২০ টাকৈ শ্লেবৰ কাম কৰাৰ কথা আছিল। কিন্তু উত্তৰ পাৰৰ ঠিকাদাৰজনে চুকতইক অৱমাননা কৰি ৩০ টা শ্লেব পকীকৰণৰ বাবে আগবাঢ়ে।  বুধবাৰে পুৱা দুয়োটা দলৰ মাজত এই লৈ সংঘাত হয় আৰু ফলত নিৰ্মাণৰ কাম সম্পূৰ্ণ বন্ধ হৈ পৰিছিল।

শুকুৰবাৰে আৰক্ষীয়ে দক্ষিণ পাৰৰ তিনিজন ঠিকাদাৰক গ্ৰেপ্তাৰ কৰি পিছত মুকলি কৰি দিছিল।

অতিৰিক্ত উপায়ুক্ত সুভন গোৱালাই ৰেলৱে আৰু এম/এছ হিন্দুস্তান কনষ্ট্ৰাকশ্যন কোম্পানিৰ বিষয়া আৰু প্ৰতিনিধিসকলৰ সৈতে এখন আলোচনাচক্ৰত মিলিত হয় আৰু প্ৰকল্পৰ স্থানত আইন-কানুনগত সমস্যাৰ যাতে সৃষ্টি নহয় তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস প্ৰদান কৰে।

ঘটনাৰ বুজ ল’বলৈ ৰেলৱেৰ শীৰ্ষস্থানীয় বিষয়াৰ এটা দল আজি পুৱা নিৰ্মাণ স্থানত আহি উপস্থিত হৈছে যদিও বনুৱাসকলক কাম আৰম্ভ কৰিবলৈ পতিয়ন নিয়াব পৰা নাই।

ৰেলৱেৰ এগৰাকী বিষয়াই কয় যে প্ৰায় ৯০শতংশ কাম সমাপ্ত হোৱা এই দলংখনৰ কাম চলিত বৰ্ষৰ অক্টোবৰত সম্পূৰ্ণ সমাপ্ত হ’ব বুলি তেওঁলোক আশাবাদী।

Related News