NORTHEAST NOW (Assamese)
নাগালেণ্ড

দেওবাৰে অন্ত পৰিব মেঘালয় আৰু নাগালেণ্ড বিধানসভাৰ নিৰ্বাচনী প্ৰচাৰ

Posted by: এন ই নাও নিউজ February 24, 2018 11:23 am
Representative image

২৭ ফেব্ৰুৱাৰিত অনুষ্ঠিত হ’বলগীয়া নাগালেণ্ড আৰু মেঘালয় বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ কাৰ্যৰ অন্ত পৰিব দেওবাৰে বিয়লি চাৰিবজাত।

মেঘালয় নিৰ্বাচনৰ বাবে ৫৯ টা সমষ্টিত ১৪ টা বিভিন্ন ৰাজনৈতিক দল আৰু নিৰ্দলীয় মুঠ ৩৬৯ জন প্ৰাৰ্থীয়ে প্ৰাৰ্থীত্ব আগবঢ়াইছে।

এইবাৰ মেঘালয় নিৰ্বাচনত অভূতপূৰ্ব তীব্ৰতা দেখা পোৱা গৈছে বুলি ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া ফ্ৰেডৰিক খাৰকোঙগৰে শুকুৰবাৰে মত ব্যক্ত কৰে।

তেওঁ লগতে কয় যে ৱিলিয়ামনগৰৰ নিৰ্দলীয় প্ৰাৰ্থী জনাথন চাংমাৰ হত্যাৰ বাহিৰে ৰাজ্যখনৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্যত সম্পূৰ্ণ শান্তিপূৰ্ণ পৰিৱেশ বিৰাজ কৰিছে।

ৰাজ্যখনত যোৱা ৩১ জানুৱাৰিৰ পৰা নিৰ্বাচনী আচৰণ বিধি প্ৰয়োগ হোৱাৰ পিছৰে পৰা এতিয়ালৈ নগদ ৬৯ লাখ টকা আৰু ৩০ হাজাৰ লিটাৰ সুৰা বিভিন্ন ঠাইৰ পৰা জব্দ কৰিবলৈ সক্ষম হোৱা বুলি মুখ্য নিৰ্বাচনী বিষয়াজনে জানিবলৈ দিয়ে।

ইয়াৰ উপৰি ৰাজ্যখনত নিৰ্বাচনৰ পূৰ্বে যথেষ্ট হাৰত ভোটাৰৰ সংখ্যা বৃদ্ধি পোৱা বুলিও জানিবলৈ দিয়ে।

‘ৰাজ্যখনৰ ১৮,৪৪,০০০ ভোটাৰৰ ভিতৰত ৮৯,০০০ গৰাকী ১৮-১৯ বছৰীয়া বয়সৰ ভোটাৰে প্ৰথমবাৰৰ বাবে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব’ এই কথা প্ৰকাশ কৰে মুখ্য নিৰ্বাচনী বিষয়াজনে।

ইয়াৰ উপৰি মেঘালয় নিৰ্বাচনত প্ৰথমবাৰৰ বাবে সৰ্বাধিক ৩২ গৰাকী মহিলা প্ৰাৰ্থীয়ে প্ৰতিদ্বণ্ডিতা আগবঢ়াব বুলি জনায়।

আনহাতে অহা ২৭ ফেব্ৰুৱাৰিত অনুষ্ঠিত হ’ব লগীয়া ত্ৰয়োদশ নাগালেণ্ড বিধানসভাৰো নিৰ্বাচনী প্ৰচাৰৰ অন্ত পৰিব।