NORTHEAST NOW (Assamese)

দেখাত মানুহৰ হাতৰ দৰে লগা গছৰ ঠেঙুলিক লৈ ডিমৌত ব্যাপক উৎসুকতা

March 18, 2018 9:22 pm · হিতোজ্জ্বল চেতিয়া
Updated: March 18, 2018 9:27 pm

আজি শিৱসাগৰ জিলাৰ ডিমৌত দেখাত মানুহৰ হাতৰ দৰে লগা গছৰ এটা ঠেঙুলিক লৈ মানুহৰ মাজত ব্যাপক উৎসুকতা দেখা গ’ল। জানিব পৰা মতে, আজি ডিমৌৰ আলুন নগৰস্থিত মৈত্ৰাকুৰ বৌদ্ধ মঠটোৰ প্ৰাংগণ চাফা কৰি থকা মানুহে তাত থকা এজোপা গছ কাটোতে মানুহৰ হাতৰ সৈতে সাইলাখ মিল থকা এটা ঠেঙুলি পায়।

ডিমৌৰ আলুন নগৰৰ এজোপা গছত পোৱা সাইলাখ মানুহৰ হাতৰ দৰে ঠেঙুলিটো।

ইয়াৰ পিছতে কথাটো ইকাণ-সিকাণকৈ অঞ্চলটোত বিয়পি পৰে। লগে লগে বস্তুটো চাবলৈ অনেকজনৰ সোঁত বয়। ৰহস্যময়তা তথা অন্ধবিশ্বাসৰ প্ৰতি সততে দুৰ্বলতা কঢ়িয়াই ফুৰা সাধাৰণ লোকসকলৰ মাজত এই বস্তুটোৱে এক প্ৰকাৰৰ চাঞ্চল্যৰ সৃষ্টি কৰে।

 

বহুতে ইয়াক কিবা ঐশ্বৰিক বস্তু জ্ঞান কৰিবলৈ আৰম্ভ কৰে আৰু শেষত বৌদ্ধ মঠটোৰ ভিতৰত ৰাখি পূজা-অৰ্চনা কৰিবলৈ ধৰে।

উল্লেখযোগ্য যে বৌদ্ধ ধৰ্মৰ মতে পূজা-অৰ্চনা নিষিদ্ধ যদিও বৌদ্ধ পুৰোহিত নথকা প্ৰায় পৰিত্যক্ত মঠটোত স্থানীয় লোকে ইয়াক লৈ পূজা-অৰ্চনাত ব্যস্ত হোৱা দেখা গ’ল।

 

Related News