NORTHEAST NOW (Assamese)
অসম

দেশৰ একমাত্ৰ পদকটো জয় কৰি দিয়া হিমা দাসৰ ইংৰাজীক লৈ ভাৰতীয় এথলেটিকছ ফেডাৰেইশ্যনৰ উপলুঙা

Posted by: এন ই নাও নিউজ July 13, 2018 8:35 pm
hima das assam

ফিনলেণ্ডত চলি থকা বিশ্ব জুনিয়ৰ এথলেটিকছত বিশ্বৰ আগশাৰীৰ দেশবোৰৰ প্ৰতিদ্বন্দ্বীক চেৰ পেলাই ভাৰতৰ হৈ এই পৰ্য্যন্ত একমাত্ৰ পদকটো অনা অসমৰ হিমা দাসক ভাৰতীয় এথলেটিকছ ফেডাৰেইশ্যনে (Athletics Federation of India (AFI)) কি উপহাৰ দিলে? লজ্জাৰ বিষয় যে ভাৰতীয় এথলেটিকছ ফেডাৰেইশ্যনৰ অফিচিয়েল টুইটাৰত হিমাৰ হেনাহুঁচা ইংৰাজীক লৈ মন্তব্য কৰা হ’ল।

এই টুইটটো কৰা হৈছিল হিমাই ছেমি ফাইনেলত কৰা প্ৰদৰ্শনৰ ঠিক পিছতে আৰু এটা ভিডিঅ’ৰ সৈতে এই পোষ্টটো দিয়া হৈছিল (তলত লিংক দিয়া আছে)। অফিচিয়েল টুইটটোত হিমাৰ প্ৰদৰ্শনক প্ৰশংসা কৰোতে ‘তেওঁ ইংৰাজী কোৱাত সিমান সাৱলীল নহয়’ বুলিও কোৱা হৈছে।

যিসময়ত বিৰল কৃতিত্ব দেশলৈ কঢ়িয়াই আনিছে, সেই সময়তে খেলুৱৈগৰাকীৰ ইংৰাজী কোৱাৰ দক্ষতাক লৈহে মন্তব্য কৰিছে খোদ ক্ৰীড়া সংস্থাটোৱেই। ভাৰতীয় এথলেটিকছ ফেডাৰেইশ্যনৰ এনে উদ্ভট মন্তব্য আৰু মানসিকতাত হতভম্ব হৈছে দেশৰ বিভিন্ন স্থানৰ সচেতন লোকসকল।

বিভিন্নজনে ভাৰতীয় এথলেটিকছ ফেডাৰেইশ্যনৰ এই টুইটটোৰ প্ৰতিক্ৰিয়া দিছে অতি কঠোৰ ভাষাৰে। এজনে লিখিছে, “She has landed in Tampere for displaying her talent in track and not in English. Shame on you for what you said,” read one tweet.

আন এজন টুইটাৰ য়ুজাৰে প্ৰতিক্ৰিয়া দিছে এইদৰে,  “She has not been featured by the IAAF for her English speaking skills,we have lot of good English speakers in India but very few who can run like her,” said another.

এনকুৱা কঠোৰ সমালোচনাৰ সন্মুখীন হোৱাৰ পিছতে ভাৰতীয় এথলেটিকছ ফেডাৰেইশ্যনে তেওঁলোকৰ মন্তব্যৰ বাবে ক্ষমা খুজিছে।

উল্লেখযোগ্য যে ফিনলেণ্ডৰ টেম্পেৰিত চলি থকা এথলেটিকছৰ বিশ্ব জুনিয়’ৰ প্ৰতিযোগিতাত মহিলাৰ ৪০০ মিটাৰ দৌৰত ৫১.৪৬ ছেকেণ্ডেৰে শীৰ্ষস্থান দখল কৰি হিমাই ১২ জুলাইত দেশলৈ স্বৰ্ণ পদক কঢ়িয়াই আনিছে। এইটোৱে হ’ল প্ৰতিযোগিতাখনত এই পৰ্য্যন্ত ভাৰতৰ একমাত্ৰ পদক। আনহাতে বিশ্ব প্ৰতিযোগিতাখনৰ ইতিহাসত ভাৰতে ট্ৰেক ইভেণ্টত লাভ কৰা এইটোৱে একমাত্ৰ পদক।