দেশৰ ভিতৰত চতুৰ্থখন ডাঙৰ দলং বগীবিল জুন মাহত মুকলি কৰাৰ ঘোষণা
বহু প্ৰতিক্ষীত বগীবিল দলংখন অৱশেষত এই বৰ্ষৰ জুন মাহত উদ্বোধন কৰা হ’ব।
অসম চুক্তি অনুসৰি উক্ত বগীবিল দলংখন ২০০২ চনৰ পৰা নিৰ্মাণ কৰিবলৈ প্ৰস্তুতি চলোৱা হয়। ২০১৪ চনৰ জুলাই মাহত দলংখনৰ নিৰ্মাণ প্ৰক্ৰিয়া প্ৰায় সম্পূৰ্ণ হৈছিল আৰু তেতিয়ালৈকে এই বগীবিল দলং নিৰ্মাণত বহু সময় আৰু ধন ব্যয় হৈছিল।
ৰাজ্যিক ৰে’ল মন্ত্ৰী ৰাজেন গোঁহাইয়ে কয় যে, ‘পৰ্যাপ্ত পুঁজিৰ অভাৱকে ধৰি আৰু বিভিন্ন কাৰণত উক্ত বগীবিল দলং নিৰ্মাণত পলম হোৱাৰ লগতে বৰ্তমানলৈকে দলং খন মুকলি কৰিব পৰা হোৱা নাছিল যদিও বৰ্তমান ই ব্যৱহাৰৰ উপযোগী হৈ উঠিছে।’ লগতে তেওঁ দলংখন জুন মাহত উদ্বোধন কৰা হ’ব বুলিও জানিবলৈ দিয়ে।
উল্লেখযোগ্য যে মুকলি হ’ব লগীয়া উক্ত দলংখনে ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰ আৰু শিলাপথাৰৰ লগত ৰে’ল আৰু পথ সংযোগ ঘটাব বুলি আশা প্ৰকাশ কৰা হৈছে। তাৰোপৰি ধেমাজি ৰাষ্ট্ৰীয় ঘাইপথ ৫২ ক ডিব্ৰুগড় ৰাষ্ট্ৰীয় ঘাইপথ ৫২ বি ক সংযোগ ঘটাব।
ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত সজা এই বগীবিল দলং হ’ল সৰ্বাধিক দীঘল দলং আৰু ই দেশৰ ভিতৰত চতুৰ্থখন ডাঙৰ দলং।
প্ৰাপ্ত তথ্য মতে ৪.৯৪ কি. মি. দৈৰ্ঘ্যৰে নিৰ্মাণ কৰা ৰে’লৱে পুলটো দেশৰ ভিতৰত আটাইতকৈ দীঘল ৰে’লৱে পুল আৰু ইয়াক নিৰ্মাণ কৰোতে ৪৯৯৬ কোটি টকা ব্যয় কৰা হৈছে। ইয়াৰোপৰি দলংখনৰ দুয়োপাৰে ফুটপাথ থকাৰ লগতে বিদ্যুৎ আৰু লাইটৰ ব্যৱস্থাও থাকিব।