NORTHEAST NOW (Assamese)

দেৰগাঁৱৰ কুৰালগুৰিৰ কপৌচুকত নাহৰফুটুকী পিঞ্জৰাবদ্ধ

February 16, 2018 3:04 pm · এন ই নাও নিউজ
Updated: February 16, 2018 3:26 pm

শুকুৰবাৰে পুৱা দেৰগাঁৱৰ কুৰালগুৰি কপৌচুকত পিঞ্জৰাবদ্ধ হয় এটা নাহৰফুটুকী বাঘ।

উল্লেখযোগ্য যে দেৰগাঁৱৰ কুৰালগুৰিকে ধৰি সমগ্ৰ মিছামৰা অঞ্চলত দীৰ্ঘদিনে কেইবাটাও বাঘে সন্ত্ৰাস চলাই আহিছিল।

স্থানীয় ৰাইজৰ মতে অঞ্চলটোত বাঘে কুৰিৰো অধিক গৰু-ছাগলী মাৰি একপ্ৰকাৰ সন্ত্ৰাস চলাই আহিছিল।

ফলত অঞ্চলটোত বাঘৰ সন্ত্ৰাস অব্যাহত থকাৰ মাজতে ৰাইজে প্ৰায় পোন্ধৰ দিনমানৰ আগতে বন বিভাগৰ সহযোগত অঞ্চলটোত পিঞ্জৰা স্থাপন কৰিছিল। আজি পুৱা অঞ্চলটোৰ দুজন ব্যক্তি পিঞ্জৰা স্থাপন কৰা ঠাই টুকুৰালৈ যায় আৰু দূৰৰ পৰাই বাঘৰ গোজৰনি শুনাত তেওঁলোক তাৰ পৰা আঁতৰি আহি স্থানীয় ৰাইজক খবৰ দিয়ে।

আনহাতে বাঘ পিঞ্জৰাবদ্ধ হোৱাৰ বাতৰি বিয়পি পৰাত অঞ্চলটোত বহু লোকৰ বাঘ চাবলৈ সমাগম ঘটে। কিছু সময়ৰ পিছত স্থানীয় বন বিভাগৰ দুজনমান কৰ্মচাৰী ইয়াত উপস্থিত হয় আৰু বাঘটো পিঞ্জৰা সহ উলিয়াই অনাৰ ব্যৱস্থা গ্ৰহণ কৰে।

Related News