NORTHEAST NOW (Assamese)

দেৱজিৎ ভূঞা সোঁৱৰণী ক্ৰিকেট প্ৰতিযোগিতাত চেম্পিয়ন ডিব্ৰুগড় ক্ৰিকেট ক্লাব

March 15, 2018 9:40 am · অক্ষয় প্ৰণৱ কলিতা

নামৰূপস্থিত গান্ধী ময়দানত অনুষ্ঠিত দেৱজিৎ ভূঞা সোঁৱৰণী সদৌ অসম ক্ৰিকেট প্ৰতিযোগিতাত ডিব্ৰুগড়  ক্ৰিকেট ক্লাব আৰু শিৱসাগৰ ফিনিক্স ক্ৰিকেট দলৰ মাজত অনুষ্ঠিত হোৱা ফাইনেলত ডিব্ৰুগড় ক্ৰিকেট ক্লাবে ১৭ ৰানত ফিনিক্স দলক পৰাজিত কৰি খিতাপ অৰ্জন কৰে।

ফাইনেলত ডিব্ৰুগড় ক্ৰিকেট ক্লাবে উত্তেজনাপূৰ্ণ মেচখনত ফিনিক্স ক্ৰিকেট ক্লাবক ১৭ ৰানত পৰাস্ত কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে টছত জয়ী হৈ প্ৰথমে বেট ধৰা ডিব্ৰুগড় ক্লাবে সৌৰভ ভাগৱতীৰ বিস্ফোৰক অৰ্ধশতক(৫১) আৰু ঈশান আহমেদৰ ৩৬ ৰানৰ সহায়ত নিৰ্ধাৰিত অভাৰত ৮টা উইকেট হেৰুৱায় ১২৬ ৰান কৰিবলৈ সক্ষম হয়। বলিঙত ফিনিক্সৰ হৈ ভৰত নোৱাৰে তিনিটা আৰু বিকি সিঙে দুটা উইকেট লাভ কৰে।

প্ৰত্যুত্তৰত ফিনিক্স দলে বেট ধৰিব আহি ডিব্ৰুগড় ক্ৰিকেট ক্লাবৰ অনুশাসনমূলক বলিঙৰ আগত দিশহাৰা হৈ মেচৰ চাৰি অভাৰ বাকী থাকোতে ১১০ ৰানতে নিজৰ ইনিংছ সামৰিব লগা হয়। ফিনিক্সৰ হৈ সৰ্বাধিক নাছাউল্লাৰ ১৯ আৰু জেৰিফুৰ ৰহমানে ১৮ ৰান কৰিবলৈ সক্ষম হয়।

আনহাতে ডিব্ৰুগড় ক্লাবৰ সন্দীপ শৰ্মাই দুটা আৰু মুক্তাৰ হুছেইনে তিনিটা উইকেট লাভ কৰে। মেচখনত উজ্জ্বীৱিত প্ৰদৰ্শন আগবঢ়োৱা বাবে ডিব্ৰুগড় ক্লাবৰ সন্দীপ শৰ্মাক মেন অব দা মেচ প্ৰদান কৰা হয়।

ফাইনেল মেচৰ পাছতেই অনুষ্ঠিত হোৱা বঁটা বিতৰণ অনুষ্ঠানত বঁটাসমূহ বিতৰণ কৰে বি ভি এফ চি এলৰ মুখ্য প্ৰশাসনিক বিষয়া প্ৰণৱ ভট্টাচাৰ্যই।

Related News