NORTHEAST NOW (Assamese)
অসম

দেৱাল ভগা গুৱাহাটীৰ চিৰিয়াখানাৰ; ওলাই যায় হৰিণ, সোমাই দুষ্কৃতিকাৰী

Posted by: কল্পজ্যোতি শইকীয়া April 24, 2018 11:27 pm
guwahatiZoo-Broken Wall

গুৱাহাটীৰ অসম ৰাজ্যিক চিৰিয়াখানা ( Assam State Zoo cum Botanical Garden )ৰ বিষয়াই হৰিণা ভক্ষণ কৰা বুলি গুৰুতৰ অভিযোগ আনি চি বি আই তদন্ত দাবী কৰা চিৰিয়াখানা সুৰক্ষা মঞ্চই পিছ নেৰা হৈছে চিৰিয়াখানা কৰ্তৃপক্ষৰ।

চিৰিয়াখানাৰ ভগা দেৱাল

কৃষ্ণনগৰ, গণেশগুৰি, গীতা মন্দিৰ আদি অঞ্চলত উদ্ধাৰ হোৱা হৰিণাসমূহ আমচাং অভয়াৰণ্যৰ পৰা অহা বুলি ডি এফ অ’গৰাকীয়ে নৰ্থ ইষ্ট নাও-ত কৰা মন্তব্যৰ পিছত আজি ২৪ এপ্ৰিলত মঞ্চৰ সাধাৰণ সম্পাদক ৰাজকুমাৰ বৈশ্যই সাংবাদিকৰ দল এটাক লগত লৈ চিৰিয়াখানাৰ ভগা দেৱালসমূহ পৰিদৰ্শন কৰোৱায়।

চিৰিয়াখানাৰ নিৰাপত্তা ব্যৱস্থা আৰু জীৱ-জন্তুৰ খাদ্য যোগান সন্দৰ্ভটো আজি প্ৰশ্ন তোলে সংগঠনটোৱে। ‘২০১৭ চনৰ ২১ আগষ্টত শিবচৰণ নামৰ স্থানীয় লোক এজনে এই গৃহটোতে চিপ লৈ আত্মহত্যা কৰিছিল’ বুলি দাবী কৰি মঞ্চৰ সম্পাদক বৈশ্যই প্ৰশ্ন কৰে ‘চিৰিয়াখানাত নিৰাপত্তা বেষ্টনী থকাৰ পিছতো কেনেকৈ আত্মহত্যা কৰিব পাৰিলে?’

আনহাতে ভগা দেৱালেৰে কিছুমান লোক চিৰিয়াখনাত সোমাই পৰিত্যক্ত অৱস্থাত থকা পুৰণি উদ্ভিদ উদ্যান তথা কাৰ্য্যালয়গৃহত মদ্যপানকে ধৰি বিভিন্ন দুষ্কাৰ্য্য চলাই থকা বুলিও স্থানীয় লোকে অভিযোগ কৰে।

চিৰিয়াখানাৰ ভিতৰৰ পৰিত্যক্ত গৃ্হ

তিনিঠাইত ভাগি থকা চিৰিয়াখানাৰ দেৱালেদি হৰিণ, কেটেলা পহু আৰু নলগাহৰি জনাঞ্চললৈ ওলাই আহে বুলি আজিৰ পৰিদৰ্শনকালত স্থানীয় লোকে অভিযোগ কৰে। স্থানীয় একাংশ লোকে সন্দেহ প্ৰকাশ কৰে যে চিৰিয়াখানাত খাদ্যৰ অভাৱৰ বাবেই হয়তো জীৱ-জন্তুসমূহ এনেদৰে ওলাই আহে।

গুৱাহাটীৰ নলালৈ ওলাই অহা চিৰিয়াখানাৰ হৰিণা

উল্লেখযোগ্য যে নৰ্থ ইষ্ট নাও-ৰ সৈতে হোৱা সাক্ষাৎকাৰত চিৰিয়াখানাৰ ডি এফ অ’ টেৰজ মৰিস্বামীয়ে ভগা দেৱালৰ কথা স্বীকাৰ কৰিছিল যদিও ‘চিৰিয়াখানাৰ পৰা এটাও হৰিণা চাৰিসীমা পাৰ হৈ বাহিৰলৈ ওলাই নাযায়। কৃষ্ণনগৰ, গণেশগুৰি অঞ্চলত যিবোৰ হৰিণা উদ্ধাৰ হয়, সেইবোৰ আমচাং অভয়াৰণ্যৰ পৰা অহা‘ বুলি মন্তব্য কৰিছিল।

এইবাৰ বাজেটত দিয়া ৫ কোটি টকাৰে প্ৰথমে জন্তুৰ গঁড়াল বনোৱা, দৰ্শনাৰ্থীৰ বাবে সা-সুবিধাসমূহ বৃদ্ধি কৰাৰ পিছত ‘যিখিনি ধন ৰাহি হয়, তাৰে ভঙা দেৱালসমূহ নিৰ্মাণ কৰিম‘ বুলি মন্তব্য কৰিছিল বিষয়াগৰাকীয়ে।

চিৰিয়াখানাত ব্যাপক দুৰ্নীতি হৈ থকা বুলি দাবী কৰি সংগঠনটোৱে অহা ৬ মে’ত এখন নাগৰিক সভাৰো আহ্বান কৰিছে।