NORTHEAST NOW (Assamese)

দৈনিক অভিলেখ ভংগ কৰিছে পেট্ৰ’ল-ডিজেলৰ দামে : মহানগৰীত গুৱাহাটী ছাত্ৰ সন্থাৰ প্ৰতিবাদ সাব্যস্ত

May 23, 2018 12:40 pm · কল্পজ্যোতি শইকীয়া
পেট্ৰ'ল-ডিজেলৰ অস্বাভাৱিক মূল্যবৃদ্ধিত গুৱাহাটী ছাত্ৰ সন্থাৰ মহানগৰীত তীব্ৰ প্ৰতিবাদ।

পেট্ৰ’ল-ডিজেলৰ লগতে অন্যান্য সা-সামগ্ৰীৰ মূল্য হ্ৰাস কৰাৰ প্ৰতিশ্ৰুতিৰে শাসনৰ বাঘজৰী দখল কৰা মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ দিনতে পেট্ৰ’ল ডিজেলৰ দামে সৰ্বকালৰ অভিলেখ সৃষ্টি কৰাত সদৌ অসম ছাত্ৰ সন্থাই আজি ৰাজ্যৰ জিলা সদৰসমূহত প্ৰতিবাদ সাব্যস্ত কৰে। আজি সদৌ গুৱাহাটী ছাত্ৰ সন্থায়ো মহানগৰীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদকাৰীসকলে উজান বজাৰস্থিত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্য্যালয়ৰ সমীপত কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ প্ৰতিমূৰ্তি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

ছাত্ৰ নেতাসকলে পেট্ৰ’লিয়াম মন্ত্ৰী হায়-হায়, মোদী চৰকাৰ গ’ বেক ইত্যাদি ধ্বনি দিয়াৰ লগতে মোদী চৰকাৰে শাসনৰ পূৰ্বে দিয়া মিছা প্ৰতিশ্ৰুতিৰ বাবে গৰিহণা দিয়ে।

আনহাতে, প্ৰতিমূৰ্তি দাহ কৰাৰ পিছত সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ৰাইফুদ্দিন আহমেদে নৰ্থ-ইষ্ট নাওৰ সন্মুখত কয়, “পেট্ৰ’লিয়াম মন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰি দাবী জনাইছো যে অতি সোনকালে পেট্ৰ’ল-ডিজলত আৰোপিত কৰৰ পৰিমাণ হ্ৰাস কৰি কেন্দ্ৰীয় চৰকাৰে ইয়াৰ মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰিব লাগে। অন্যথা আমি ইয়াতকৈ তীব্ৰ আন্দোলনৰ কাৰ্যসূচী হাতত ল’বলৈ বাধ্য হ’ম।

Related News