NORTHEAST NOW (Assamese)

দৌৰ ৰাণী হিমাৰ ঘৰত উপস্থিত হৈ পিতৃ-মাতৃক অভিনন্দন সাংসদ গৌৰৱ গগৈৰ

July 16, 2018 11:17 pm · মিণ্টু দাস

অনন্য প্ৰতিভা উন্মোচিত কৰি বিশ্ব এথলেটিকছত স্বৰ্ণপদক আঁজুৰি আনি এক নতুন ইতিহাস ৰচনা কৰিবলৈ সক্ষম হোৱা অসমৰ দৌৰ ৰাণী হিমা দাসৰ নগাঁৱৰ ধিংস্থিত বাসগৃহত আজি কলিয়াবৰ লোকসভাৰ সাংসদ গৌৰৱ গগৈ উপস্থিত হয়।

উল্লেখযোগ্য যে দৌৰ ৰাণী হিমা দাসে বিশ্ব এথলেটিকছত স্বৰ্ণ পদক আঁজুৰি আনিবলৈ সক্ষম হোৱাৰ পিছতে হিমাৰ বাসগৃহত বিভিন্ন লোকৰ সমাগম হোৱাৰ সময়তে আজি কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈ উপস্থিত হৈ হিমাৰ পিতৃ-মাতৃক গামোচা-শৰাইৰে সম্বৰ্ধনা আৰু অভিনন্দন জ্ঞাপন কৰে।

তাৰোপৰি সাংসদ গৰাকীয়ে হিমা দাসৰ লগত ভিডিঅ’ কনফাৰেন্সিঙেৰে বাৰ্তালাপ কৰাৰ লগতে শুভেচ্ছা জ্ঞাপন কৰে। সাংসদ গৰাকীয়ে বাৰ্তালাপৰ সময়ত হিমাক কি দৰে সহায় কৰিলে আনন্দিত হ’ব বুলি এক প্ৰশ্ন সোধে।

ফলত হিমাই সাংসদ গৰাকীৰ প্ৰশ্নৰ উত্তৰত তেওঁৰ জন্মভূমি যিখন খেলপথাৰত খেলা-ধূলা কৰি আজিৰ অৱস্থা পালে সেই খেলপথাৰখন উঠি অহা যুৱক-যুৱতীসকলৰ বাবে উপযুক্তভাবে গঢ়ি তোলাৰ লগতে তেওঁৰ গাঁৱৰ ৰাজহুৱা নামঘৰৰ মণিকূটটো ৰাইজৰ সুবিধাৰ্থে ভালদৰে বনাই দিয়াৰ ব্যৱস্থা কৰিবলৈ সাংসদগৰাকীক অনুৰোধ জনায়৷

প্ৰত্যুত্তৰত সাংসদগৰাকীয়ে অতি শীঘ্ৰে হিমাৰ অনুৰোধক বাস্তৱায়িত কৰি তোলাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে।

Related News