NORTHEAST NOW (Assamese)
উত্তৰ-পূব

ধাৰাসাৰ বৰষুণ বজ্ৰপাতত জীৱনযাত্ৰা ব্যাহত ত্ৰিপুৰাত,নিহত এগৰাকী মহিলা

Posted by: এন ই নাও নিউজ May 11, 2018 10:11 am
representative imeage of tundering sky

ত্ৰিপুৰাত বিগত ২৪ ঘণ্টাত অহা ধাৰাসাৰ বৰষুণ আৰু ধুমুহা বজ্ৰপাতে স্বাভাৱিক জীৱন ব্যতিব্যস্ত কৰি তুলিছে। এই ধুমুহা বৰষুণ বজ্ৰপাতত এগৰাকী মহিলাৰ মৃত্যু ঘটাৰ লগতে ৰাজ্যখনৰ বিভিন্ন অংশত ব্যাপক ক্ষয়-ক্ষতিৰ বাতৰি পোৱা গৈছে।

ৰাজ্যখনৰ উত্তৰ পশ্চিমৰ এলেকাৰ বোক্সানগৰ আৰক্ষী থানাৰ অন্তৰ্গত মাণিক্যনগৰত থকা এটা ঘৰৰ ওপৰত এডাল প্ৰকাণ্ড গছ উভালি পৰাত তাত বাস কৰা এগৰাকী মহিলাৰ প্ৰাণহানি হয়।

মৃত মহিলাগৰাকী ২৫ বছৰ বয়সীয়া পূৰ্ণিমা নামা দাস বুলি চিনাক্ত কৰা হৈছে।

ইয়াৰ পূৰ্বে লংটেৰাই উপত্যকা মহকুমাৰ নাইচেংচেৰাত বজ্ৰপাতৰ আঘাতত দুজন লোক নিহত হোৱাৰ লগতে এজন আহত হৈছিল।

লক্ষ্মীপতি ত্ৰিপুৰা (৪৩), দুদিৰাম ত্ৰিপুৰা (৫২) আৰু অৰ্জুন ত্ৰিপুৰাই (৪৫) নাইটিংচেৰা গাঁওত এটা অস্থায়ী পঁজাত আশ্ৰয় লৈ থকা অৱস্থাতে বজ্ৰপাতে আঘাত কৰে। এই ঘটনাত লক্ষ্মীপতি আৰু দুদিৰাম থিতাতে নিহত হয় আৰু অৰ্জুন আহত হয়।

নিহত লোকদুজনৰ নিকটাতাত্মীয়লৈকে বিশেষ সাহাৰ্য হিচাপে ২০,০০০ টকাৰ প্ৰদান কৰা হয় আৰু পৰৱৰ্তী সময়ত দুয়োটা পৰিয়াললৈকে সম্পূৰ্ণ সাহাৰ্য দিয়া হ’ব বুলি মহকুমা প্ৰশাসনে জনাইছে।

বতৰ বিজ্ঞান কেন্দ্ৰই অহা ২৪ ঘণ্টাত মধ্যমীয়াৰ পৰা ধাৰাসাৰ বৰষুণৰ আগলি বতৰা দিছে।

আন এটা ঘটনাত ধালাই জিলাৰ কৰমচেৰা এলেকাত এগৰাকী জনজাতীয় লোক আৰু সম্ভৱতঃ তেওঁৰ পত্নীক পাহাৰীয়া ঝুম খেতিৰ পথাৰত কাম কৰি থকা অৱস্থাত শক্তিশালী বজ্গপাতে আঘাত কৰে।

স্থানীয় প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসকে দুয়োকে চিকিৎসালয়লৈ অনা বাটতে মৃত বুলি ঘোষণা কৰে।

ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই ৰাজ্যখনত অহা কেইদিনমানত প্ৰৱল বৃষ্টিপাতৰ আগজাননী জাৰী কৰিছে।