NORTHEAST NOW (Assamese)
অসম

ভ্ৰষ্ট লক্ষ্য! পৰীক্ষা নিয়ন্ত্ৰকৰ চহী জাল কৰি গ্ৰেপ্তাৰ হ’ল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ

Posted by: অভিক চক্ৰৱৰ্তী Updated by: অভিক চক্ৰৱৰ্তী April 25, 2021 7:45 am
Dibrugarh_Universitys_entrance_gate_122554_730x419-m-750x375-1024x512

স্নাতকোত্তৰ শ্ৰেণীৰ সকলো পৰীক্ষা বাতিল কৰাৰ বাবে বিশ্ববিদ্যালয়খনৰ পৰীক্ষা নিয়ন্ত্ৰক ড০ পি কে কাকতিৰ চহী জাল কৰা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এজন ছাত্ৰক গ্ৰেপ্তাৰ কৰা হৈছে।

যোৱা ৬ এপ্ৰিল আৰু ২০ এপ্ৰিলত ড০ পি কে কাকতিৰ জাল চহীৰে এখন ভুৱা জাননী জাৰি কৰা হৈছিল।

গ্ৰেপ্তাৰ হোৱা ছাত্ৰজন তিনিচুকীয়া জিলাৰ লক্ষ্য বিকাশ গগৈ।

ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ডিব্ৰুগড় আৰক্ষী থানাত ধাৰা 120(B) 419/468/471/198ৰ অধীনত এটা গোচৰ(no 846/21) ৰুজু কৰিছে।

ডিব্ৰুগড় আৰক্ষীয়ে ছাত্ৰজনক শনিবাৰে তিনিচুকীয়া জিলাৰ লাইপুলি অঞ্চলৰ তেওঁৰ ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰে।

আৰক্ষীয়ে লক্ষ্য বিকাশ গগৈৰ মোবাইল ফোনটো জব্দ কৰিছে।

‘’ছাত্ৰজনে চহী জাল কৰি আন ছাত্ৰসকলৰ জীৱনৰ সৈতে খেলা কৰিছে যিটো এটা অপৰাধ। কোভিড-১৯ৰ সংক্ৰমণ বৃদ্ধিৰ মাজতে ই ছাত্ৰসকলৰ মাজত আতংকৰ সৃষ্টি কৰিছে,’’-এগৰাকী আৰক্ষী বিষয়াই কয়।

তাৰ মাজতে শুকুৰবাৰে বিশ্ববিদ্যালয়খনৰ ১৬জন ছাত্ৰৰ কোভিড-১৯ পজিটিভ ধৰা পৰাৰ পাছত ডিব্ৰুগড় বিশ্ববিদ্যালয়ে ইয়াৰ হ’বলগীয়া সকলো পৰীক্ষা স্থগিত কৰিছে।

কোভিড-১৯ৰ ঘটনা ধৰা পৰাৰ পাছত স্বাস্থ্য বিভাগে বিশ্ববিদ্যালয়খনৰ তিনিটা হোষ্টেল কন্টেইনমেন্ট জ’ন ঘোষণা কৰিছে।