NORTHEAST NOW (Assamese)
Popular Stories

ধাৰাৱাহিক উদ্ভট মন্তব্য ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰীৰ : ‘চিভিল’ ইঞ্জিনিয়াৰহে ‘চিভিল’ সেৱাৰ লায়ক

Posted by: এন ই নাও নিউজ April 29, 2018 8:19 pm
biplab kumar deb cm tripura

ধাৰাৱাহিক উদ্ভট মন্তব্যৰে হাঁহিয়াতৰ পাত্ৰত পৰিণত হৈছে ত্ৰিপুৰাৰ নৱ নিৰ্বাচিত মুখ্য মন্ত্ৰী বিপ্লব দেব ( Biplab Kumar Deb )। মেকানিকেল ইঞ্জিনিয়াৰসকলৰ পৰিৱৰ্তে ‘চিভিল’ ইঞ্জিনিয়াৰসকল ‘চিভিল’ (অসামৰিক সেৱা) সেৱাৰ বাবে বেছি উপযুক্ত বুলি দেবে কৰা মন্তব্যই হাঁহিৰ খলকনিৰ সৃষ্টি কৰাৰ পিছত ২৮ এপ্ৰিল শনিবাৰে ‘চৰকাৰী চাকৰি’ বিচৰাতকৈ ‘পাণ দোকান’ খোলাৰ বাবে পৰামৰ্শ আগবঢ়াইছে।

‘বিশ্ব পশু চিকিৎসা দিৱস’ উপলক্ষে ত্ৰিপুৰা পশু চিকিৎসা পৰিষদে আয়োজন কৰা এক আলোচনা সভাত মুখ্য মন্ত্ৰী দেবে ‘পাৰ্টিৰ পিছে পিছে ঘূৰি ফুৰাতকৈ পাণ দোকান খোলা হ’লে একোজন ডেকাৰ এতিয়ালৈকে বেংকত ৫ লাখ টকা জমা হ’লহেঁতেন’ বুলি মন্তব্য কৰে।

দেবে লগতে কয় ‘স্নাতক ডিগ্ৰীধাৰী এজনে যোৱা ১০ বছৰে চাকৰি বিচাৰি থকাতকৈ এজনী গৰু পোহা হ’লে এতিয়ালৈ তেওঁৰ বেংকত ১০ লাখ টকা জমা হ’লহেঁতেন।’

প্ৰথম বাৰৰ বাবে মুখ্য মন্ত্ৰী হোৱা দেবে দায়িত্বভাৰ লোৱাৰ পিছৰ পৰা এটাৰ পিছত আনটো অভাৱনীয় ৰাজহুৱা মন্তব্য কৰি আহিছে।

যোৱা ২১ এপ্ৰিলত ‘লোকসেৱা দিৱস’ৰ দিনা তেওঁ ভাষণত কৈছিল যে ‘মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগৰ পৰা অহাসকলে চিভিল (অসামৰিক) সেৱাত যোগ দিব খুজিব নালাগে। চিভিল ইঞ্জিনিয়াৰৰহে এই বিষয়ৰ জ্ঞান আছে…কাৰণ প্ৰশাসন চলোৱাসকলে সমাজ নিৰ্মাণ কৰিব লাগে।’

যোৱা ১৮ এপ্ৰিলত মহাভাৰতৰ যুগত ইণ্টাৰনে’ট আৰু উপগ্ৰহীয় যোগাযোগ ব্যৱস্থা আছিল বুলি মন্তব্য তেওঁ কৰা মন্তব্যই দেশজুৰি তেওঁক হাঁহিয়াতৰ পাত্ৰত পৰিণত কৰিছিল।

আনহাতে যোৱা ২৬ এপ্ৰিলত ডায়েনা হে’ডেন বিশ্ব সুন্দৰী হোৱাৰ বাবে উপযুক্ত নাছিল বুলি মন্তব্য কৰি পিছত তীব্ৰ সমালোচনাৰ সমুখীন হৈ নিজৰ মন্তব্যৰ বাবে ক্ষমা খুজিছিল। হে’ডেনে ‘লক্ষ্মী-সৰস্বতী দেৱী’ৰ দৰে ভাৰতীয় সৌন্দৰ্য্যক প্ৰতিনিধিত্ব নকৰে কিন্তু ঐশ্বৰ্য্য ৰায়ে কৰে বুলি মন্তব্য কৰিছিল।