NORTHEAST NOW (Assamese)
অসম

ক’ৰ’নাৰ ছুপাৰ স্প্ৰেডাৰ কোন? নিজৰ প্ৰশাসনে প্ৰস্তুত কৰা SOPক চৰম অৱমাননা স্বয়ং মুখ্যমন্ত্ৰীৰ!

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া May 13, 2021 5:54 pm
Finalll

ৰাজ্যত ক্ৰমান্বয়ে বৃদ্ধি পাইছে কোভিড-১৯ৰ ত্ৰাস। সেয়েহে এই কোভিড অতিমাৰীক ৰুধিবলৈ এফালে যদি চৰকাৰ তথা আৰক্ষী-প্ৰশাসনে বিশেষ তৎপৰতা অৱলম্বন কৰিছে। তাৰ বিপৰীতে আকৌ মাজুলীত গৈ স্বয়ং ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে প্ৰশাসনে বান্ধি দিয়া নীতি-নিৰ্দেশনা বা SOP উলংঘন কৰাৰ কথা পোহৰলৈ আহিছে।

কালি ৰাজ্যৰ মুখ্য সচিবৰ স্বাক্ষৰ সম্বলিত এখন কোভিড সম্পৰ্কীয় নিৰ্দেশনা বা SOP প্ৰকাশ পাইছিল। য’ত স্পষ্টকৈ উল্লেখ কৰা আছিল যে ‘সকলো ধৰ্মীয় প্ৰতিষ্ঠান অহা ১৫ দিনলৈ বন্ধ থাকিব। মূল পুৰোহিত বা মৌলবীয়ে নূন্যতম ধৰ্মীয় কৰ্মসমূহ সম্পন্ন কৰিব পাৰিব।‘

কিন্তু এই SOP প্ৰকাশ পোৱাৰ এদিন পাছতে অৰ্থ্যাৎ আজি স্বয়ং ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নিজে এই নীতি-নিৰ্দেশনা ভংগ কৰি মাজুলীৰ তিনিখনকৈ সত্ৰত প্ৰৱেশ কৰে তথা সেৱা জনায়।

CM in Majuli

মাজুলীৰ দক্ষিণপাট সত্ৰ, আউনীআটি সত্ৰ আৰু উত্তৰ কমলাবাৰী সত্ৰ দৰ্শন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

য’ত নেকি SOP ত উল্লেখ আছিল যে পুৰোহিত বা মৌলবীয়ে ধৰ্মীয় অনুষ্ঠানত নুন্যতন ৰীতি-নীতিখিনিহে পালন কৰিব পাৰিব তেনেক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ প্ৰৱেশৰ লগে লগে তিনিওখন সত্ৰতে দেখা পোৱা গ’ল উৎসৱমুখৰ পৰিবেশ।‘

প্ৰশ্ন হয়, সত্ৰসমূহ ধৰ্মীয় অনুষ্ঠানৰ অন্তৰ্ভুক্ত নহয় নেকি? বা মাজুলী অসমৰ ভিতৰত নপৰে নেকি?

ইপিনে, মুখ্যমন্ত্ৰী নিজৰ বাহনৰ পৰা নামি কিছু দূৰ সমদল কৰি যাওঁতেও কোনোধৰণৰ সামাজিক দুৰত্ব দেখিবলৈ পোৱা নগ’ল। যি সমদলত মুখ্যমন্ত্ৰীয়ে নিজে তেওঁৰ পাতি লোৱা ভাগিনসকলৰ লগত গাত হাত দি কথা পাতি যোৱাহে দেখিবলৈ পোৱা গ’ল। উক্ত সমদলত প্ৰায় অৰ্ধ শতাধিক লোক উপস্থিত আছিল। য’ত নেকি ভয়াবহ কোভিড পৰিস্থিতিত কোনো ঠাইত ১০ জনতকৈ অধিক লোকৰ উপস্থিতিত বাধা নিষেধ আছিল তথা কিবা পৰিস্থিতিত থাকিব লগীয়া হ’লেও ৬ ফুট দুৰত্ব বজাই ৰাখিব লাগে।

FB_IMG_1620908719278

ইপিনে, এই ভয়াবহ কোভিড পৰিস্থিতিত কোভিডক পৰাস্ত কৰিবলৈ কোনোধৰণৰ বৃহৎ পাৰ্টী, অভ্যৰ্থনা অনুষ্ঠান অনুষ্ঠিত নকৰিবলৈ অসম আৰক্ষীৰ সঞ্চালক প্রধান আৰু ৰাজ্যৰ মুখ্য সচিবে বাৰম্বাৰ অনুৰোধ জনাই আহিছিল।

আনকি বিবাহ অনুষ্ঠানতো কেৱল ১০ গৰাকী লোকৰ উপস্থিতিতহে অনুষ্ঠিত কৰাৰ বাবে অনুমতি দিয়া হৈছে বা অন্তেষ্টিক্ৰিয়া অনুষ্ঠানতো কেৱল ১০ গৰাকী লোকৰ উপস্থিত থাকিবৰ বাবে নিৰ্দেশনা দিয়া হৈছে।

তেনে সময়তে মাজুলীৰ ভাগিনৰ বাসগৃহৰ এটা কোঠাত ২০ গৰাকীতকৈ অধিক লোকৰ উপস্থিতত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। খাদ্য গ্ৰহণ কৰি থকাৰ সময়তো দেখা পোৱা নগ’ল কোনোধৰণৰ সামাজিক দুৰত্ব।

ইপিনে, সত্ৰ দৰ্শনৰ ফটো ছ’চিয়েল মিডিয়াতো আপলোড কৰি ৰাইজক জনাই দিলে মুখ্য মন্ত্ৰীয়ে। তেওঁ যেন বুজাই দিলে অসমৰ মুখ্য মন্ত্ৰীৰ বাবে নাই কোনো ক’ভিড প্ৰ’টকল!

মুখ্য মন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰি ড০ হিমন্ত বিশ্ব শৰ্মাই তীৰ্থ দৰ্শন কৰি ভগবানৰ আশিস লৈছে, সেয়া নিশ্চয়কৈ ভাল কথা। কিন্তু এই সময়খিনিত কিয়?  যি সময়ত অসমত প্ৰতিদিনে গড়ে ৫০০০ ৰ অধিক লোক ক’ৰ’ণাত আক্ৰান্ত হৈ আছে। বহুলোকে প্ৰাণ হেৰুৱাই আছে। এই সময়খিনিত প্ৰটকল ভংগ কৰি মুখ্য মন্ত্ৰীয়ে ৰাইজক দেখুৱাইছে কি?

47653942-5a4d-429a-8c8f-f0b42fdf9c9b

কোনে জানে, কিজানি মুখ্য মন্ত্ৰীৰ লগতে তেওঁৰ দলটোৱেও হয় ক’ৰ’ণা চুপাৰ স্প্ৰেডাৰ!

ইতিমধ্যে, মিছিগান ইউনিভাৰ্চিটিৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছে অসম তথা উত্তৰ-পূবৰ ক’ভিড পৰিস্থিতি দ্ৰুত অৱনতিৰ কথা। প্ৰতিবেদনটোৰ মতে উত্তৰ-পূব হ’বলৈ গৈ আছে ক’ৰ’ণাৰ হটস্পট।

কিন্তু, মুখ্য মন্ত্ৰী এগৰাকীয়ে জানি বুজিও এই ভুল কৰি আছে কিয়?

বুধবাৰেও প্ৰাক্তন মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাত কৰিবলৈ গৈ মন্ত্ৰী পৰিষদৰ নতুন সদস্যসকলে এইদৰে কোনো শাৰিৰীক দূৰত্ব নমনাকৈ ফটো তুলিছিল আৰু ছ’চিয়েল মেডিয়াত সেই ফটো আপলোড কৰিছিল। ফটো উঠাৰ সময়ত তেওঁলোকৰ কাৰোৰে মুখত নাছিল মাস্ক।