NORTHEAST NOW (Assamese)
অসম

ধুবুৰীত একেটা গোচৰতে ১৮ জন লোকক যাৱজ্জীৱন কাৰাদণ্ড

Posted by: এন ই নাও নিউজ July 10, 2018 6:29 pm
ধুবুৰীত একেটা গোচৰতে ১৮ জন লোকক যাৱজ্জীৱন কাৰাদণ্ড

দুজন লোকক নৃশংসভাৱে হত্যা কৰাৰ এক গোচৰত ১৮ জন লোকক আজি ১০ জুলাইত যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিছে ধুবুৰী অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে।

যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত লোককেইজন হ’ল বাহৰ আলী, হাৰান আলী, হাছেম আলী, আব্দুছ ছবুৰ, আমিৰ আলী, আখতাৰ আলী, গৰিব উল্লাহ, বলাই মণ্ডল, ছবুৰ উদ্দিন, ছিৰাজুল হক, মুন্নাফ আলী, জালাল উদ্দিন, নুৰ উদ্দিন, ৰহিম উদ্দিন, সুৰমান আলী, আব্দুল খালেক, কাচেম আলী আৰু আতোৱাৰ আলী।

২০০২ চনত ধুবুৰীৰ ফকিৰগঞ্জৰ কাতলামাৰীত ছমেৰ আলী আৰু বাহাৰ আলী নামৰ দুজন লোকক এই লোককেইজনে মিলি নৃশংসভাৱে হত্যা কৰিছিল।