NORTHEAST NOW (Assamese)

ধুবুৰীত জুৱাৰ ঘাটি উৎখাত : ৬ গৰাকী জুৱাৰিক আটক

May 29, 2018 11:08 pm · মুকেশ কুমাৰ সিং
Updated: May 29, 2018 11:42 pm

ধুবুৰী চহৰত গঢ় লৈ উঠা অবৈধ জুৱাৰ ঘাটিৰ বিৰুদ্ধে অভিযান চলাই  ধুবুৰী আৰক্ষীয়ে আজি নগৰখনৰ মূল বজাৰ এলেকাৰ পৰা ৬ গৰাকী জুৱাৰিক আটক কৰে।

প্ৰাপ্ত তথ্য মতে, ধুবুৰীৰ আৰক্ষী অধীক্ষক লংলিট তেৰাংৰ নিৰ্দেশত আৰু উপ আৰক্ষী অধীক্ষক টি ভুঞাৰ নেতৃত্বত এই অভিযান চলোৱা হৈছিল।

আটকাধীন লোককেইজনক মিণ্টাজ আলী, অমল দাস, আশিদুৰ তালুকদাৰ, ৰহমান তালুকদাৰ, মহম্মদ আলম আৰু জাহান আলী শেইখ বুলি চিনাক্ত কৰা হৈছে।

আগন্তুক দিনত এইধৰণৰ অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে তীব্ৰ অভিযান চলোৱা হ’ব বুলি উল্লেখ কৰি ধুবুৰীৰ অতিৰিক্ত আৰক্ষী জি ডেকাই এইক্ষেত্ৰত স্থানীয় লোকৰ পৰা সহায় সহযোগিতা কামনা কৰে।

চহৰখনত এতিয়া মহামাৰিৰ ৰূপ ল’বলৈ ধৰা এই জুৱা খেলৰ বিৰুদ্ধে আৰক্ষীয়ে লোৱা উক্ত পদক্ষেপৰ স্থানীয় লোক তথা অভিভাৱক সকলে শলাগ লয়।

Related News