NORTHEAST NOW (Assamese)

ধুবুৰীৰ অপহৃত নাবালিকাক উদ্ধাৰ, সন্দেহজনক বাংলাদেশী অপহৰণকাৰী গ্ৰেপ্তাৰ

June 11, 2018 8:49 am · মুকেশ কুমাৰ সিং
গ্ৰেপ্তাৰ কৰা অপহৰণকাৰী আলতাব আলী। ফটো : নৰ্থইষ্ট নাও

প্ৰায় এমাহ আগতে ধুবুৰী জিলাৰ আগমনি থানাৰ কাষৰ অঞ্চলৰ পৰা অপহৰণ কৰা এগৰাকী নাবালিকা কন্যাক শনিবাৰে ধুবুৰী আৰক্ষীয়ে উদ্ধাৰ কৰে।

অভিযোগ অনুসৰি নাবালিকা গৰাকীক তেওঁলোকৰ ঘৰৰ চুবুৰীয়া এজন লোকে অপহৰণ কৰিছিল আৰু অপহৰকাৰীয়ে ছোৱালীজনীক বাংলাদেশলৈ নিয়াৰ চেষ্টা চলাইছিল। যোৱা বুধবাৰে এগৰাকী আৰক্ষী বিষয়াই এইদৰে কৈছিল।

ছোৱালীজনীৰ পৰিয়ালৰ লোকে দিয়া অভিযোগৰ ভিত্তিত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছিল আৰু কেইবা স্থানতো তালাচী চলাইছিল যদিও ছোৱালীজনীক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাছিল।

শনিবাৰে সন্ধিয়া এক সূত্ৰৰ পৰা পোৱা তথ্যৰ পম খেদি আৰক্ষীয়ে ধুবুৰী আৰক্ষী থানাৰ অন্তৰ্গত ভাৰত-বাংলাদেশ আন্ত:ৰাষ্ট্ৰীয় সীমান্তত অৱস্থিত টাকিমাৰি গাঁৱত তালাচী চলাই অভিযুক্ত অপহৰণকাৰীজনক গ্ৰেপ্তাৰ কৰাৰ লগতে ছোৱালীজনকো উদ্ধাৰ কৰে।

গ্ৰেপ্তাৰ কৰা অপহৰণকাৰীজনক আলতাব আলী বুলি চিনাক্ত কৰা হৈছে।

অৱশ্যে, অভিযুক্ত অপহৰণকাৰী আলতাব আলীয়ে তেওঁৰ পৰা জিম্মাৰ পৰা উদ্ধাৰ কৰা ইউআইডিএআইয়ে প্ৰদান কৰা আধাৰ কাৰ্ড়ৰ ভিত্তিত নিজকে পশ্চিমবংগৰ জলপাইগুৰি জিলাৰ এজন বাসিন্দা বুলি দাবী কৰে।

আনহাতে, আৰক্ষীয়ে সন্দেহ কৰে যে তেওঁ এজন বাংলাদেশী নাগৰিকেই হ’ব কিয়নো তেওঁ বাংলাদেসলৈ পলাই যোৱাৰ পৰিকল্পনা কৰিছিল।

পশ্চিমবংগৰ জলপাইগুৰি থানাৰ সহায়ত অপহৰণকাৰীজনৰ প্ৰকৃত পৰিচয়ৰ বিষয়ে এক যথাযথ অনুসন্ধান প্ৰক্ৰিয়া চলাই থকা হৈছে।

অপহৰকাৰীজন ধুবুৰী জিলাৰ গোলকগঞ্জ আৰক্ষী থানাৰ অন্তৰ্গত সোণাহাট আন্তৰ্জাতিক বাণিজ্য কেন্দ্ৰত শিল ব্যৱসায়ৰ সৈতেও জড়িত।

উদ্ধাৰ কৰা ছোৱালীজনীক পৰিয়ালক গটাই দিয়া হৈছে আৰু অপহৰণকাৰীজনক ধুবুৰী আৰক্ষীয়ে তেওঁলোকৰ জিম্মাত লৈ বিতং অনুসন্ধান আৰম্ভ কৰিছে বুলি ধুবুৰী জিলাৰ এএমচি অ’ পথৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ডি দাসে জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে আৰক্ষী বিষয়া দাসে শনিবাৰৰ অভিযানকাৰী দলটোৰ নেতৃত্ব দিছিল।

Related News