NORTHEAST NOW (Assamese)

ধুবুৰীৰ ধীৰঘাট বজাৰত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত জাহ গ’ল ১৫খনৰো অধিক দোকান

March 21, 2018 2:52 pm · এন ই নাও নিউজ

ধুবুৰী জিলাৰ চাপৰ থানাৰ অন্তৰ্গত ধীৰঘাট বজাৰত মঙলবাৰে নিশা এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। নিশা ঠিক ১২মান বজাত হঠাত জুইৰ সূত্ৰপাত হৈ সমগ্ৰ বজাৰ জুইৰ লেলিহান শিখাই আৱৰি ধৰাত এক হুৱা দুৱা পৰিৱেশৰ সৃষ্টি হয়।

আমালৈ খবৰ অহা অনুসৰি এই ভয়ংকৰ অগ্নিকাণ্ডত বজাৰৰ প্ৰায় ১৫খনৰো অধিক দোকান ঘৰ জুইত জাহ যায়।

আনহাতে এই অগ্নিকাণ্ডৰ ফলত কেইবা লাখ টকাৰ সম্পত্তি ক্ষতি হোৱা বুলি আশংকা ব্যক্ত কৰিছে।

উল্লেখ্য যে কিহৰ বাবে এই ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হ’ল সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত।

অৱশ্যে কিছু স্থানীয়লোকৰ ভাষ্য অনুসৰি নিশা বিদ্যুতৰ শ্বৰ্ট চাৰ্কিটৰ ফলত এই জুইৰ সূত্ৰপাত হয় আৰু নিমিষতে সমগ্ৰ বজাৰ অঞ্চল আৱৰি ধৰে। যাৰ পৰিণতিত বজাৰ অঞ্চলৰ দোকান ঘৰ ভষ্মীভূত হোৱাৰ লগতে বহু সম্পত্তি বিনষ্ট হয়।

ইফালে চাপৰ থানা আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে যদিও কিহৰ বাবে এই অগ্নিকাণ্ডৰ সূত্ৰপাত হয় সেয়া এই পৰ্যন্ত পোহৰলৈ অহা নাই।

Related News