NORTHEAST NOW (Assamese)
অসম

ধৰ্ষণৰ গোচৰত গোৱালপাৰা ছায়েন্স একাডেমীৰ পৰিচালন সঞ্চালক¸ প্ৰধান শিক্ষকৰ জামিন মঞ্জুৰ আদালতৰ

Posted by: ছফিকুল আহমেদ April 4, 2018 10:28 pm
Court-handle-570x320

গোৱালপাৰা জিলা আদালতে বুধবাৰে গোৱালপাৰাস্থিত ছায়েন্স একাডেমীৰ (বিদ্যালয় শাখাৰ) প্ৰধান শিক্ষক খনীন্দ্ৰ দাস আৰু পৰিচালন সঞ্চালক নজমূল হকক যোৱা দেওবাৰে বিদ্যালয় চৌহদৰ ভিতৰত সংঘটিত এক ধৰ্ষণৰ গোচৰৰ অভিযোগত জামিন মঞ্জুৰ কৰিছে।

দেওবাৰে অভিযুক্ত দুয়োজনকে দুদিনৰ বাবে আৰক্ষীৰ জিম্মাত পঠিয়াই দিয়া হৈছিল আৰু মূল অভিযুক্ত এগৰাকী যোগ শিক্ষক হুমায়ুন কবীৰক সাত দিনৰ আৰক্ষী জিম্মালৈ পঠিওৱা হৈছিল।

দুয়োজন সহ-অভিযুক্তকে প্ৰতিজনকে ১০,০০০ টকাৰ এক বণ্ডৰ বিনিময়ত জামিন দিয়ে।

গোৱালপাৰা আৰক্ষীয়ে তিনিওজনৰ বিৰুদ্ধে যৌন অপৰাধৰ পৰা শিশুক প্ৰতিৰোধ আইন ২০১২’ৰ ৬/২১ আৰু ভাৰতীয় দণ্ডবিধিৰ ৩০৭ ধাৰাৰ অধীনত এটা গোচৰ (২০৮/১৮) পঞ্জীয়ন কৰিছিল।

এখন বিদ্যালয়ৰ চৌহদত সংঘটিত ধৰ্ষণৰ এনে ঘটনাৰ পিছত অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।