NORTHEAST NOW (Assamese)
অসম

নগাঁৱত আৰক্ষীয়ে ১৮ টা কেঁকো সাপৰ লগতে ৩ জন চোৰাংচিকাৰীক আটক কৰে

Posted by: এন ই নাও নিউজ March 10, 2018 9:09 pm
চোৰাংচিকাৰী

নগাঁও আৰক্ষী অধীক্ষক দেৱৰাজ উপাধ্যায়ৰ অধীনত আৰক্ষীৰ এটা দলে এক গোপন সূত্ৰ আধাৰত নগাঁৱৰ চেপানলাত অভিযান চলাই বিক্ৰীৰ বাবে ৰখা ১৮ টা কেঁকো সাপ তিনিজনীয়া এটা চোৰাংচিকাৰী দলৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

আনহাতে আৰক্ষীয়ে এই কেঁকো সাপৰ ব্যৱসায়ৰ লগত জড়িত তিনিজন চোৰাংচিকাৰীকো আটক কৰে। আটকাধীন লোক কেইজনক ক্ৰমে সৌৰভ গায়ন, নিপেন গগৈ আৰু বিপ্লৱ বৰা বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে।

মন কৰিব লগীয়া যে আটকাধীন চোৰাংচিকাৰীকেইজনে উক্ত কেঁকো সাপ কেইটা বিক্ৰীৰ বাবে এনেদেৰে ৰাখিছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। ইতিমধ্যে আৰক্ষীয়ে উক্ত কেঁকো সাপ কেইটা নিজৰ জিন্মাত ৰাখিছে যদিও ইয়াৰে এটা কেঁকো সাপ মৃত্যুৰ মুখত পৰে।

ইফালে নগাঁও আৰক্ষীয়ে বন্যপ্ৰাণী বিভাগক এই সম্পৰ্কত যোগাযোগ কৰিছে যাতে উক্ত কেঁকো সাপ কেইটাক সুৰক্ষিতভাৱে বনাঞ্চলত মুকলি কৰিব পাৰে।

পূৰ্বতেও নগাঁও আৰক্ষীয়ে বন্যপ্ৰাণী চোৰাংচিকাৰীৰ পৰা ৫৩ টাকৈ কেঁকো সাপ উদ্ধাৰ কৰিছিল যাৰ মূল্য প্ৰায় ১০ কোটি টকা হ’ব বুলি আৰক্ষীয়ে অনুমান কৰিছিল।