NORTHEAST NOW (Assamese)
অসম

অসমৰ পৰিবহণ বিভাগৰ যুটীয়া আয়ুক্তকে ধৰি জিলা পৰিবহণ বিষয়া পৰ্য্যায়ত ব্যাপক সালসলনি

Posted by: এন ই নাও নিউজ March 10, 2018 9:22 pm

কয়লা কেলেংকাৰীত অসমৰ পৰিবহণ বিভাগ সাঙোৰ খাই পৰাৰ পৰতে ৰাজ্যৰ পৰিবহণৰ যুটীয়া আয়ুক্তকে ধৰি জিলা পৰিবহণ বিষয়া পৰ্য্যায়ত আজি শনিবাৰে ব্যাপক সালসলনি কৰা হৈছে।

গুৱাহাটীস্থিত যুটীয়া পৰিবহণ আয়ুক্ত জয় চন্দ্ৰ সন্দিকৈক বি টি এ’ ডিৰ যুটীয়া পৰিবহণ আয়ুক্ত হিচাপে  বদলি কৰা হৈছে। বি টি এ’ ডিৰ যুটীয়া পৰিবহণ আয়ুক্ত বিপুলানন্দ পাঠকক দিয়া হৈছে গুৱাহাটীৰ পৰিবহণ কাৰ্যালয়ৰ যুটীয়া আয়ুক্তৰ দায়িত্ব।

ডিব্ৰুগড়ৰ পৰিবহণ বিষয়া সুৰঞ্জিতা হাজৰিকাক পৰিবহণ বিষয়া(পুল)ৰ লগতে কামৰূপ মহানগৰৰ অনুজ্ঞাপত্ৰ শাখাৰ অতিৰিক্ত দায়িত্বও দিয়া হৈছে।

আনহাতে তিনিচুকীয়াৰ পৰিবহণ বিষয়া ছৈয়দ ৰফিকুল মান্নানক গুৱাহাটীৰ বেতকুছিৰ ড্ৰাইভাৰ কণ্ডাক্তৰ প্ৰশিক্ষণ স্কুলৰ অধ্যক্ষৰ লগতে তেওঁক কামৰূপ (ম)ৰ পঞ্জীয়ন শাখাৰ পৰিবহণ বিষয়া আৰু এনফৰ্ছমেণ্ট বিভাগৰ ভাৰপ্ৰাপ্ত বিষয়া দায়িত্বও অতিৰিক্তভাৱে দিয়া হৈছে।

কামৰূপ মহানগৰৰ পৰিবহণ বিষয়া প্ৰসেনজিৎ ঘোষক শোণিতপুৰৰ পৰিবহণ বিষয়াৰূপে, শোণিতপুৰৰ পৰিবহণ বিষয়া মেহতাব আলীক ওদালগুৰিৰ পৰিবহণ বিষয়াৰূপে, ওদালগুৰিৰ পৰিবহণ বিষয়া নন্দেশ্বৰ লহকৰক যোৰহাটৰ পৰিবহণ বিষয়াৰূপে, গোলাঘাটৰ পৰিবহণ বিষয়া ৰূপক পূজাৰীক নগাঁৱৰ পৰিবহণ বিষয়া হিচাপে, মৰিগাঁৱৰ পৰিবহণ বিষয়া অৰুণ বৰাক তিনিচুকীয়াৰ পৰিবহণ বিষয়া, ধেমাজিৰ পৰিবহণ বিষয়া দেৱাশিস দত্তক মৰিগাঁৱৰ পৰিবহণ বিষয়া আৰু শ্ৰীৰামপুৰ গেটৰ এনফৰ্ছমেণ্ট ইনস্পেক্টৰ মনোজ কুমাৰ চৌধুৰীক গোলাঘাটৰ পৰিবহণ বিষয়াৰূপে বদলি কৰা হৈছে।