NORTHEAST NOW (Assamese)
দেশ

মুন্নাভাই! ইউটিউব চাই পিত্তথলীৰ অস্ত্ৰোপচাৰ কৰি কিশোৰৰ প্ৰাণ কাঢ়িলে হাতুৰী ডাক্তৰে

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী September 8, 2024 4:10 pm
মুন্নাভাই! ইউটিউব চাই পিত্তথলীৰ অস্ত্ৰোপচাৰ কৰি কিশোৰৰ প্ৰাণ কাঢ়িলে হাতুৰী ডাক্তৰে

পেটৰ বিষত ভুগি আছিল এটি ১৫ বছৰীয়া কিশোৰ। চিকিৎসকৰ কাষ পালেগৈ। চিকিৎসকেও অস্ত্ৰোপচাৰ কৰাৰ সিদ্ধান্ত ল’লে।

ইউটিউব চাই অস্ত্ৰোপচাৰ কৰিলে ডাক্তৰে। তাৰপিছতেই প্ৰাণ হেৰুৱালে কিশোৰ ৰোগীয়ে।

বিহাৰৰ সাৰণত সংঘটিত হৈছে এই ভয়ানক কাণ্ড। ভুৱা চিকিৎসকৰ হাতত প্ৰাণ হেৰুওৱা কিশোৰগৰাকীৰ নাম কৃষ্ণ কুমাৰ।

কৃষ্ণ কুমাৰৰ পিতৃয়ে জনোৱা মতে, পুত্ৰৰ স্বাস্থ্যৰ অৱনতি দেখি লৈ গৈছিল গণপতি হাস্পাতাললৈ। সেই সময়ত ৰোগীয়ে বাৰে বাৰে বমি কৰি আছিল। কিন্তু চিকিৎসা আৰম্ভ হোৱাৰ লগে লগে বমি কমি গ’ল।

ইয়াৰ পিছত ভণ্ড চিকিৎসক অজিতকুমাৰ পুৰীয়ে কয়, অস্ত্ৰোপচাৰ অবিহনে চিকিৎসাৰ আন কোনো বিকল্প নাই। নিজকে চিকিৎসক বুলি দাবী কৰি অস্ত্ৰোপচাৰ সম্পন্ন কৰে অজিতকুমাৰে।

অভিযোগ অনুসৰি অস্ত্ৰোপচাৰৰ বাবে অভিভাৱকৰ অনুমতিও লোৱা হোৱা নাছিল।

দাবী কৰা অনুসিৰ, ইউটিউব চাই পিত্তথলীৰ অস্ত্ৰোপচাৰ কৰিছিল অজিতকুমাৰে। তাৰ পিছত কিশোৰজনৰ শাৰীৰিক অৱস্থাৰ অৱনতি ঘটিবলৈ ধৰিলে।

পৰিস্থিতি বিষম দেখি অভিযুক্ত চিকিৎসকজনে নিজেই এম্বুলেন্স মাতি কিশোৰগৰাকীক পাটনালৈ লৈ যায়। কিন্তু আধাবাটতে প্ৰাণ হেৰুৱাই কিশোৰটিয়ে। তাৰপিছত চিকিৎসালয়ৰ চিৰিত কিশোৰটিৰ মৃতদেহ এৰি পলায়ন কৰে অজিতকুমাৰে।

ইতিমধ্যে অজিতকুমাৰ পুৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে। কিশোৰজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি মূল অভিযুক্তক বিচাৰি উলিয়াইছে