NORTHEAST NOW (Assamese)
Popular Stories

প্ৰায় ৯ ফুট দীঘল! হাউছিং ছ’চাইটিত প্ৰৱেশ কৰি ঘৰিয়ালৰ আতংক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 8, 2024 3:51 pm

বৰোদাৰ পাছত এইবাৰ মুম্বাই। পুনৰ জনবসতি থকা অঞ্চলৰ পৰা উদ্ধাৰ ঘৰিয়াল। মুম্বাইৰ মুলুণ্ড অঞ্চলৰ এখন হাউছিং ছ’চাইটিত প্ৰৱেশ কৰিলে এটা ঘৰিয়াল। সংবাদ সংস্থা পিটিআইৰ তথ্য অনুসৰি ইয়াৰ দৈৰ্ঘ্য আছিল প্ৰায় ৯ ফুট। ৰাতিপুৱা দেখি, স্থানীয় ৰাইজৰ মনত আতংক বিয়পি পৰিল, লগে লগে বন বিভাগক খবৰ দিলে। এটা বন্যপ্ৰাণী সংস্থাই সংবাদ সংস্থা পিটিআইক জনোৱা মতে, দেওবাৰে পুৱা ঘৰিয়ালটোক উদ্ধাৰ কৰা হয়। দেওবাৰে পুৱা মুলুণ্ড অঞ্চলৰ পৰা বন বিভাগৰ কণ্ট্ৰল ৰুমলৈ যায় এই ফোন। খবৰ অনুসৰি হাউছিং ছ’চাইটিৰ ভিতৰত এটা বৃহৎ ঘৰিয়াল বিচৰণ কৰা দেখা গৈছে। বন্যপ্ৰাণী উদ্ধাৰ সংস্থাকো অৱগত কৰা হয়। শেষত স্বেচ্ছাসেৱী সংগঠন আৰু বনকৰ্মীৰ উদ্যোগত ঘৰিয়ালটো উদ্ধাৰ কৰা হয়।

স্বেচ্ছাসেৱী সংগঠনটোৰ হৈ শক্তি শৰ্মাই সন্ধিয়া প্ৰায় ৬:৩০ বজাত এজনী মাইকী ঘৰিয়াল উদ্ধাৰ কৰা বুলি জানিবলৈ দিয়ে। দুজন পশু চিকিৎসকে ঘৰিয়ালটোৰ স্বাস্থ্য পৰীক্ষা কৰে। তেওঁলোকে কয় যে ঘৰিয়ালটো সুস্থ।

মন কৰিবলগীয়া যে ইয়াৰ পূৰ্বে জুলাই মাহত মুম্বাইৰ মিথি নদীত এটা ঘৰিয়াল দেখা গৈছিল। ইয়াক লৈ চহৰবাসীৰ মাজত আতংক বিয়পি পৰিল। অৱশ্যে এই নদীখন ঘৰিয়ালৰ প্ৰাকৃতিক বাসস্থান বুলি প্ৰশাসনে অৱগত কৰে। লগতে প্ৰশাসনে সাধাৰণ জনতাক নদীত প্ৰৱেশ বা ঘৰিয়ালক অশান্তি দিয়াৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ দিয়ে। সেই মাহতে মুম্বাইৰ চিপলুনত মুষলধাৰ বৰষুণৰ পিছত পথত ঘূৰি ফুৰা এটা বৃহৎ ঘৰিয়াল দেখা গৈছিল।

প্ৰসংগক্ৰমে কিছুদিন পূৰ্বে গুজৰাটত বান পৰিস্থিতিৰ সৃষ্টি হোৱাৰ সময়তে বিশ্বমিত্ৰী নদীৰ পানী বৰোদা চহৰত প্ৰৱেশ কৰিছিল। তাৰ লগত বহু ঘৰিয়াল সোমাই গ’ল। দুদিনত ডুব যোৱা বৰোদা চহৰৰ পৰা উদ্ধাৰ কৰিলে কমেও ২৪টা ঘৰিয়াল। পিছত ঘৰিয়ালকেইটাক পুনৰ বিশ্বমিত্ৰী নদীত মুকলি কৰি দিয়া হ’ল।