NORTHEAST NOW (Assamese)

নগাঁৱত দীপিকা নাথৰ ‘যোগ শিক্ষা’ শীৰ্ষক গ্ৰন্থ উন্মোচন

June 25, 2018 1:54 pm · মিণ্টু দাস

‘যোগে মানুহৰ মন-শৰীৰ সুস্থ ৰাখে। মানুহৰ মন-শৰীৰ সুস্থ হৈ থাকিলে, এখন শক্তিশালী সমাজ গঠন কৰিব পৰা যাব’। এই মন্তব্য ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ দিলীপ বৰাৰ।

নগাঁও নেহৰু যুৱক কেন্দ্ৰত দেওবাৰে লেখিকা দীপিকা নাথৰ ‘যোগ শিক্ষা’ নামৰ এখন গ্ৰন্থ উন্মোচন কৰি দিলীপ বৰাই নৱ প্ৰজন্মক নিয়মীয়াভাৱে যোগৰ অভ্যাস গঢ়ি তুলি নিজৰ দেহ-মন সুস্থ কৰি ৰখাৰ লগতে এখন সুস্থ সমাজ গঢ়াত গুৰুত্ব দিবলৈ আহ্বান জনায়।

বিশিষ্ট চিকিৎসক ডা: কৃঞ্চ বৰাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা গ্ৰন্থ উন্মোচনী সভাত অংশগ্ৰহণ কৰি অসম যোগ সন্থাৰ সম্পাদক প্ৰভাত বৰাই যোগৰ প্ৰয়োজনীয়তা সম্পৰ্কত বিস্তৃত ৰূপত নিজৰ ব্যাখ্যা দাঙি ধৰে‌।

আনহাতে সভাত বিশিষ্ট ক্ৰীড়া সংগঠক গণশ্যাম হাজৰিকা, নগাঁও প্ৰেছ ক্লাৱৰ সভাপতি কনক হাজৰিকা, সাহিত্যিক ভাৰত চন্দ্ৰ নাথ আদিয়ে অংশগ্ৰহণ কৰি যোগ শিক্ষাৰ ওপৰত দীপিকা নাথে লিখা গ্ৰন্থখনে নৱ প্ৰজন্মক যোগ শিক্ষাৰ প্ৰতি আগ্ৰহী কৰি তুলিব বুলি মন্তব্য কৰে।

Related News