NORTHEAST NOW (Assamese)
অসম

নগাঁৱত নীল-অভিলৈ শ্ৰদ্ধাঞ্জলি কৃষক-শ্ৰমিক উন্নয়ন পৰিষদৰ

Posted by: মিন্টূ দাস June 15, 2018 2:43 pm
অভি-নীললৈ নগাঁবত শ্রদ্ধাঞ্জলি

কাৰ্বি আংলঙৰ ডকমকা আৰক্ষী থানাৰ অন্তৰ্গত পানীজুৰি গাঁৱত অলপতে  সোপাধৰা সন্দেহত নৃশংসভাৱে হত্যা কৰা গুৱাহাটীৰ দুই যুৱকৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই নগাঁও জিলা কৃষক-শ্ৰমিক উন্নয়ন পৰিষদে বৃহস্পতিবাৰে সন্ধিয়া নগাঁও উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰে।

উল্লেখযোগ্য যে, যোৱা ৮ জুনৰ নিশা প্ৰায় ৮ বজাত ডকমকা থানাৰ অন্তৰ্গত ডেনগাঁও পাণজুৰি কছাৰী গাঁৱত সংঘটিত হৈছিল এই নৃশংস ঘটনা। অতিশয় দুৰ্ভাগ্যজনক কথা যে, গাঁওখনত এখন বলেৰ’ গাড়ীৰে নীলোৎপল দাস আৰু অভিজিৎ নাথ নামৰ যুৱক দুজনে প্ৰৱেশ কৰিছিল। অচিনাক্ত যুৱক দুজনক দেখি স্থানীয় লোকে সোপাধৰা বুলি সন্দেহ কৰি আক্ৰমণ কৰে আৰু তীব্ৰ গণপ্ৰহাৰত যুৱক দুজনৰ ঘটনাস্থলীতে মৃত্যু ঘটে।

গোৱাত পেচা সূত্ৰে থকা ছাউণ্ড ইঞ্জিনীয়াৰ নীলোৎপল দাসে গোৱাৰ পৰা অসমলৈ আহি তেওঁৰ এগৰাকী ব্যৱসায়ী তথা শিল্পী বন্ধু অভিজিৎ নাথৰ সৈতে ডকমকালৈ ফুৰিবলৈ গৈছিল।  এই কাৰ্যসূচীত কৃষক-শ্ৰমিক উন্নয়ন পৰিষদৰ সদস্যসকলে মম আৰু চাকি জ্বলাই যুৱক দুজনলৈ শ্রদ্ধাঞ্জলি জনায়।

তেওঁলোকে লগতে এই নৃশংস হত্যাকাণ্ডটোৰ সঠিক তদন্ত কৰাৰ লগতে ইয়াৰ সৈতে জড়িত অপৰাধীসকলক কঠোৰ শাস্তি বিহাৰ দাবী তোলে।