NORTHEAST NOW (Assamese)
দেশ

নেতাজীৰ জন্মদিন উদযাপনৰ প্ৰস্তুতি আৰ এছ এছৰ: সতৰ্কবাণী নেতাজীৰ কন্যাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 20, 2023 9:03 am
Netaji Daughter Anita Bose Pfaff

অহা ২৩ জানুৱাৰীত দেশবাসীয়ে সুঁৱৰিব স্বাধীনতা সংগ্ৰামী নেতাজী সুভাষ চন্দ্ৰ বসুক। স্বাধীনতা যুঁজাৰুগৰাকীৰ জন্মদিন উদযাপনৰ বাবে প্ৰস্তুতি চলাইছে হিন্দুত্ববাদী সংগঠন আৰ এছ এছেও। পিছে আৰ এছ এছে অনুষ্ঠিত কৰিবলগীয়া কাৰ্যসূচীৰ পূৰ্বে সংগঠনটোক সতৰ্ক কৰি দিছে নেতাজীৰ কন্যাই।

স্বাধীনতা সংগ্ৰামীগৰাকীৰ জন্মদিন উদযাপনৰ পৰিকল্পনা কৰা হিন্দুত্ববাদী সংগঠনটোক তীব্ৰ সমালোচনা কৰে নেতাজীৰ কন্যা অনিতা বসু ফাফে। সংবাদ মাধ্যমৰ এক অনুষ্ঠানত ফাফে নেতাজীৰ মতাদৰ্শক সোঁৱৰাই দিয়ে আৰ এছ এছক।

নেতাজী সুভাষ চন্দ্ৰ বসুৱে আৰ এছ এছৰ মতাদৰ্শক সমালোচনা কৰিছিল বুলি মন্তব্য কৰি অনিতা বসু ফাফে হিন্দুত্বৰ প্ৰচাৰৰ বাবে নেতাজীক ব্যৱহাৰ নকৰিবলৈ সকীয়াই দিয়ে।

উল্লেখ্য যে, ২৩ জানুৱাৰীত কলকাতাৰ শ্বহীদ মিনাৰত নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৬ সংখ্যক জন্ম বাৰ্ষিকী উদযাপন কৰিব আৰ এছ এছে। এই অনুষ্ঠানত মুখ্য বক্তা হিচাপে থাকিব সংঘৰ প্ৰধান মোহন ভাগৱত।

এই অনুষ্ঠান সন্দৰ্ভত বসুৰ কন্যা তথা অৰ্থনীতিবিদ অনিতা বসু ফাফে কয়, “মোৰ দেউতা এগৰাকী একান্ত হিন্দু আছিল যদিও সকলো ধৰ্মৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিছিল আৰু সকলোৱে একেলগে থাকিব পাৰে বুলি বিশ্বাস কৰা ব্যক্তি আছিল। মই নাভাবো যে আৰ এছ এছে এই ধাৰণাত বিশ্বাস কৰে।”

তেওঁ লগতে কয়, “আৰএছএছে যদি নেতাজীৰ মতাদৰ্শক আঁকোৱালি ল’বলৈ আৰম্ভ কৰিছে, তেন্তে এয়া ভাৰতৰ বাবে ভাল হ’ব। নেতাজীয়ে ধৰ্মনিৰপেক্ষতাত বিশ্বাস কৰিছিল আৰু আৰ এছ এছে যে এই নীতিত বিশ্বাস ৰাখে, সেয়া নিশ্চিত নহয়।”

“আৰ এছ এছে যদি হিন্দু জাতীয়তাবাদী ধাৰণা আগবঢ়াব বিচাৰে, তেতিয়া ইয়াৰ সৈতে নেতাজীৰ মতাদৰ্শৰ মিল নাথাকে। তাৰ বাবে নেতাজীক ব্যৱহাৰ কৰিলে মই কেতিয়াও শলাগ নলওঁ।”- অনিতা বসুৱে লগতে কয়।

“মই নিশ্চয় ভাবিম যে তেওঁলোকে নেতাজীক কেৱল মুখেৰে সন্মান নিদিয়ে। আৰ এছ এছে নেতাজীৰ ১২৬ সংখ্যক জন্মদিন উদযাপন কৰাৰ বাবে মই সন্মান জনাইছো। কিন্তু দেশৰ সুবিধাৰ বাবে নেতাজীৰ তত্ত্বসমূহ ব্যৱহাৰ কৰিলে ভাল হ’ব।”— সংবাদ মাধ্যমৰ আগত এইদৰে মন্তব্য কৰে অনিতা বসু ফাফে।

ইফালে ফাফৰ এই দাবীৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰ এছ এছে। সংগঠনটোৰ নেতা অজয় নন্দীয়ে নেতাজীয়ে সংঘক সমালোচনা কৰাৰ কোনো প্ৰমাণ নাই বুলি দাবী কৰি নেতাজীৰ কন্যাৰ দাবীক খণ্ডন কৰিছে।