NORTHEAST NOW (Assamese)
উত্তৰ-পূব

নাগালেণ্ডৰ কিগৱেমা গাঁওবাসীৰ প্ৰচেষ্টাত শ্বুর্হো পীকৰ পথত নিৰীক্ষণ গৃহ নিৰ্মাণ

Posted by: এন ই নাও নিউজ July 18, 2018 7:43 pm
Kigwema community forest

কিগৱেমা গাঁৱৰ অধিবাসীসকলে শ্বুৰ্হো পীকলৈ যোৱাৰ পথৰ দুটা ভিন্ন স্থানত বন নিৰীক্ষণগৃহ আৰু দৃশ্য স্থান স্থাপন কৰিছে। নাগালেণ্ড বন বিভাগে এই নিৰীক্ষণগৃহ আৰু দৃশ্য স্থান দুটাৰ পৃষ্ঠপোষকতা কৰিছে।

বুধবাৰে কোহিমা ফৰেষ্ট ডিভিজনৰ কৰ্মচাৰীয়ে কিগৱেমা গাঁৱত এটা নিয়মীয়া পদযাত্ৰা আৰু পৰিদৰ্শন কাৰ্যসূচী সম্পন্ন কৰাৰ সময়ত ডিভিজনেল ফৰেষ্ট অফিচাৰ ৰংছেনলেমলা ইমচেনে গাঁওবাসীসকলৰ উদ্যোগত গ্ৰহণ কৰা বন আৰু বন্যপ্ৰাণী সংৰক্ষণৰ এই প্ৰচেষ্টাৰ শলাগ লয়। তেওঁ লগতে সামুহিক সংৰক্ষণ প্ৰচেষ্টাৰ বহনক্ষমতাৰ ওপৰত জোৰ দিয়ে।

তেওঁ আৰু কৈছে যে এই নিৰীক্ষণগৃহ আৰু দৃশ্য কেন্দ্ৰ নিৰ্মাণৰ মুল উদ্দেশ্য হৈছে এই স্থানৰ সৌন্দৰ্য সুৰক্ষিত কৰি ৰখা।  বন বিভাগে কিগৱেমা জৈৱ বৈচিত্ৰ আৰু বন্যপ্ৰাণী ব্যৱস্থাপনা কমিটী, গ্ৰাম পৰিষদ, যুৱ সংগঠন, মহিলা সংগঠন আৰু গীৰ্জাসমূহে সমুহীয়াভাৱে গ্ৰহণ কৰা পৰিৱেশ সংৰক্ষণ কাৰ্যসূচীৰ শলাগ লয়।

ইমচেনে আৰু কয় যে দৰ্শনাৰ্থীসকলে দুয়োটা নিৰীক্ষণগৃহৰ পৰাই কিগৱেমা কমিউনিটী ফৰেষ্টৰ লগতে শ্বুৰ্হো পীক আৰু জাপফু পৰ্বতৰ আশে-পাশে থকা ঠাইৰ প্ৰায় ৬০ শতাংশ মনোৰম দৃশ্য উপভোগ কৰিব পাৰিব। জাপফু পৰ্বততেই ‘ৰ’ড’ডেনড্ৰন’ গোত্ৰৰ অন্তৰ্গত ১০২৪টা প্ৰজাতিৰ ভিতৰত বিশ্বৰ আটাইতকৈ ওখ প্ৰজাতিটো (Rhododendron arboretum) পোৱা যায়। এই স্থানেই বিৰল প্ৰজাতিৰ ব্লাইথ’ছ ট্ৰাগোপান প্ৰজাতিৰ পক্ষীৰো বসতিস্থান। এই নিৰীক্ষণগৃহৰ পৰা অতি কমেও ১৫খন গাঁও দেখা পোৱা যায়।

গাঁওখনৰ সকলো স্থানীয় কৰ্মকৰ্তাৰ হৈ কিগৱেমা যুৱ সংস্থাৰ সভাপতি  ভিবেইলেই ছালেই গাঁওখনত পৰিৱেশ সম্পৰ্কে সচেতনতা সৃষ্টি কৰাৰ পদক্ষেপ গ্ৰহণ কৰাৰ বাবে বন বিভাগক ধন্যবাদ জনায়। তেওঁ আৰু কয় যে গাঁওবাসীয়ে পৰিৱেশ সংৰক্ষণ কৰাৰ বাবে সকলো প্ৰকাৰৰ প্ৰচেষ্টা কৰি যাব।

উল্লেখ্য যে পদযাত্ৰা আৰু পৰিদৰ্শন কাৰ্যসূচীটোত কোহিমাৰ ডিএফঅ’ গৰাকীৰ উপৰিও কোহিমা ফৰেষ্ট ৰেঞ্জৰ কৰ্মচাৰী, কিগৱেমা যুৱ সংস্থা আৰু স্থানীয় কাৰ্য নিৰ্বাহকসকলেও যোগদান কৰিছিল।